08/25/2019 - 16:15
in
পূৱ বৰপেটাঃ বৰপেটা জিলাৰ চেঙা গাঁৱৰ নপাৰা পাৰা পঞ্চায়তৰ অন্তৰ্গত শ্ৰীশ্ৰী গৰখীয়া গোসাঁই থানত শনিবাৰে গোপাল ভোগ দিয়াৰ লগতে গোটেই দিনযোৰা ধৰ্মীয় কাৰ্যসূচীৰে পাৰ কৰা হয়। সন্ধিয়া নিমন্ত্ৰিত নাগাৰা নাম পাৰ্টীৰ দ্বাৰা নাম প্ৰদৰ্শন কৰা হয়। বিভিন্ন প্ৰান্তৰ পৰা অহা অগণন ভক্তই ভিৰ কৰে গৰখীয়া গোসাঁই থান প্ৰাংগনত।
প্ৰতি বছৰে শ্ৰীকৃষ্ণৰ জন্মষ্টমীৰ পিছৰ দিনাই পালন কৰে এই ধৰ্মীয় অনুষ্ঠান। স্থানীয় লোকসকলে প্ৰকাশ কৰে এই ধৰ্মীয় নাম কীৰ্তন বা গোপাল ভোগ দিয়া অনুষ্ঠানটি অনাদিকালৰে পৰা চলি আহিছে আৰু ভবিষ্যতেও এই গৰখীয়া গোসাই থানত এই অনুষ্ঠানটি পৰম্পৰা ভাৱে চলি থাকিব।