পূৱ-বৰপেটাৰঃ বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী চকীত আজি এখন গাওঁৰক্ষী বাহিনী সকলক লগত লৈ এখন বিশেষ সভা অনুষ্ঠিত হয়৷সভাত উপস্থিত থাকে বৰপেটা জিলাৰ বিশেষ শাখাৰ D.S.P., D.S.B. শ্ৰী হেমেন দাস, তাৰাবাৰী থানাৰ O.C জৌতশ দাস, যোগেন দাস, জয়নাল আবদিন, ছাইফুদ্দিন আহমেদৰ লগতে আন বহুতো বিষয়া৷
সভাত হেমেন দাসে গাওঁৰক্ষী বাহিনী সকলৰ অভাৱ অভিযোগ আদিৰ বিষয়ে বুজ লয়৷ লগতে 31 তাৰিখে প্ৰকাশ পাব লগা N.R.C সম্পৰ্কেও গাওঁৰক্ষী সকলৰ লগত মত বিনিময় কৰে৷ জনসাধাৰণে যাতে কোনো ধৰনৰ অসুবিধা নাপায় তাৰ প্ৰতিও লক্ষ্য ৰাখিবলৈ তেওঁ গাওঁৰক্ষী সকলক দিহা পৰামৰ্শ আগবঢ়াই৷ লগতে সভাত গাওঁৰক্ষী সকলক একোটাকৈ ৰেইন কোট, টৰ্চ, বেটাৰী, হুইচেল আদি বিতৰন কৰে৷
ইয়াৰ উপৰি অ’ চি জৌতশ দাসেও এই বিষয়ে দিহা পৰামৰ্শ আগবঢ়াই৷ সমাজত দেখা দিয়া চোৰ, ডকাইত আদিৰ বিষয়েও গাওঁৰক্ষী সকলক সজাগ থাকিবলৈ আহ্বান জনায়, আৰু তেওঁলোকৰ কৰ্তব্য নিয়াৰিকৈ কৰিবলৈ অনুৰোধ জনায়৷