বাইহাটা চাৰিআলিত যুৱতীক ধৰ্ষণ

 08/25/2019 - 18:36

বাইহাটা চাৰিআলিঃ ধৰ্ষণ, নাৰী নিৰ্যাতন আদিৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰাৰ পিছতো একাংশৰ নাই কোনো ভ্ৰূক্ষেপ। সুবিধা পালেই যেন জঁপিয়াই পৰে অসহায় যুৱতী, মহিলাৰ ওপৰত। তেনে এক ঘ্টনা সংঘটিত হ’ল বাইহাটা আৰক্ষী থানাৰ অন্তৰ্গত মুক্তাপুৰৰ ওচৰৰ লোচ গাঁৱত।

লোচ গাঁৱত এগৰাকী যুৱতীক এন্ধাৰৰ সুযোগ লৈ দমকলৰ পাৰৰ পৰা মুখত সোপা দি বাৰীৰ ফালে নি যৌন নিৰ্যাতন কৰে। ঘটনা সন্দৰ্ভত পুৱা পৰিয়ালৰ লোকে বাইহাটা চাৰিআলি আৰক্ষী থানাত ৰুজু কৰে এক গোচৰ। সেই গোচৰৰ ভিত্তিত বাইহাটা চাৰিআলি আৰক্ষীয়ে অনুসন্ধান চলাই কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰডেকপাৰ গাঁৱৰ পৰা ধনজিৎ দাস নামৰ যুৱকজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।