গহপুৰত সপ্তাহ জোৰা শ্ৰীমদ্ভাগৱতৰ বাখ্যা অনুষ্ঠানৰ সামৰণি

 08/26/2019 - 14:02

গহপুৰঃ এতিয়া পবিত্ৰ ভাদ মাহ বিশেষকৈ এই মাহটোত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অসমীয়াৰ ঈশ্বৰৰ উপাসনা স্থলী নামঘৰ সমূহত গুঞ্জৰিত হয় হৰিৰ নাম, দবা-কাঁহ-শংখৰ ধ্বনিত মুখৰিত হয় আকাশ বতাহ। প্ৰত্যেকেই শৰণ লওঁ ঈশ্বৰৰ চৰণত কামনা কৰো সমগ্ৰ মানৱ জাতিৰ শান্তি, মানৱ সমাজৰ প্ৰকৃত সত্য-আধ্যাত্মিক জ্ঞাণৰ বুজ লোৱাৰ উদেশ্যৰে গীতা ধাম আধ্যাত্মিক সেৱা কেন্দ্ৰৰ সহযোগত নিজ গহপুৰৰ ধেনুধৰা গাৱঁৰ নামঘৰত সাতদিনীয়াকৈ পালন কৰা হ'ল শ্ৰীমদ্ভাগৱত মহাপুৰাণৰ গৃহস্থি তথা যুৱ উপযোগী অমৃতময় বাখ্যা অনুষ্ঠান।

যোৱা ২০ আগষ্টৰ পৰা অনুষ্ঠিত হোৱা এই ধৰ্মীয় অনুষ্ঠান ভাগৰ সামৰণি ঘটে আজি। প্ৰতিদিনে পুৱা ৬ বজাৰ পৰা ৭ বজালৈ যুৱক যুৱতী সকলৰ বাবে আধ্যাত্মিক যোগৰ কৰ্মশালাৰ লগতে বিয়লি ২:৩০ বজাৰ পৰা অমৃত ময় বাখ্যা অনুষ্ঠানৰ আয়োজন কৰা হয়। গহপুৰ ধেনুধৰাৰ ৰাইজে সম্পূৰ্ন সাতটা দিন নিৰ্মজিত হৈ থাকে ঈশ্বৰৰ উপাসনাত। গাঁৱৰ পুৰুষ-মহিলা একত্ৰতি হৈ সম্পূৰ্ন সাত্বিকতা আৰু আধ্যাত্মিকতা ভাৱেৰে সাতোটা দিনেই ব্যস্ত থাকিল শ্ৰৱন -কীৰ্ত্তনত। শ্ৰীমদ্ভাগৱতৰ বাখ্যা অনুষ্ঠানত ভাগ লয় গীতা ধাম আধ্যাত্মিক সেৱা কেন্দ্ৰৰ আচাৰ্য লোহিত চন্দ্ৰ দেৱ শৰ্মাই।

নিজ গহপুৰ ধেনুধৰা গাঁও উন্নয়ন সমিতিৰ সভাপতি সুৰেন বৰা আৰু সম্পাদক যজ্ঞেশ্বৰ গগৈৰ লগতে সমূহ ধৰ্মপ্ৰাণ ৰাইজে এই ধৰ্মীয় অনুষ্ঠান ভাগত অংশ গ্ৰহন কৰা সকলো ভক্তপ্ৰাণ ৰাইজক ধন্যবাদ জনোৱাৰ লগতে ভৱিষ্যতে যাতে এনে অনুষ্ঠান ভাগ ধেনুধৰাৰ ৰাইজে পুনৰ আয়োজন কৰিব পাৰে তাৰ উদেশ্যে ভক্তপ্ৰাণ ৰাইজৰ হৈ ঈশ্বৰৰ চৰণত আৰ্শীবাদ বিছাৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।