চিৰাং জিলাৰ আলুখুন্দা ৰাইজৰ হাহাকাৰ

 08/27/2019 - 18:00

বিজনীঃ চিৰাং জিলাৰ ৩৩নং বিজনী বিধান সভা সমষ্টিৰ অন্তৰ্গত আলুখুন্দাৰ মানাহ নদীৰ বাঢ়নী পানীয়ে বিভিন্ন ৰাস্তা ভাঙি তচনচ কৰি থৈ যোৱাৰ পিছত যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিব লগীয়া হৈছে ৰাইজ। বিশেষকৈ আলুখুন্দাৰপৰা দেওতাৰী লৈ যোৱা ৰাস্তাৰ তিনি ঠাইত বানপানীয়ে ছিঙি পেলাইছে। ইয়াৰে আলুখুন্দাত নতুকৈ হৈ থকা পকীদলংৰ কাষৰে বনাই দিয়া বাহৰ সাকো বানপানীয়ে উটুৱাই নিয়ে।

তাৰ পিছৰে পৰাই পথচাৰীয়ে এইদৰে তোলুঙা নাওঁৰে পাৰাপাৰ হৈ আছে। নাওঁৰ পৰা মাজে মাজে মানুহ পৰি যায় বুলি জানিব পৰা গৈছে। বাইক আৰু চাইকেল লৈ পথচাৰীৰ এক বিপদ সংকুল যাত্ৰা। নিতৌ শশ লোকৰ লগতে বহু স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী পাৰাপাৰ হবলগীয়া হৈছে বিপদসংকুলভাৱে। সেয়ে শীঘ্ৰে নতুন দলংখনৰ ওচৰত এখন সাকো বনাই দিবলৈ ৰাইজে দাবী জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।