08/27/2019 - 19:30
in
ডিজিটেল ডেস্কঃ তামিল নাডুত বন্দী হৈ থকা ১৩জন যুৱক মঙলবাৰে গৃহমুখী হ'ব। তামিল নাডুৰ গংগা নগৰৰ এটা ভাড়া ঘৰত বন্দী হৈ আছিল যুৱক কেইজন। ভাড়া ঘৰটোত আৱদ্ধ কৰি ৰাখি প্ৰাণে মৰাৰ ভাবুকিও প্ৰদান কৰিছিল ঠিকাদাৰ কেইজনে। কোম্পানীত কাম দিয়াৰ অজুহাত দি যুৱক কেই জনক মাতি নিছিল ঠিকাদাৰ কেইজনে।
কামৰ বিনিময়ত পইচা দিয়া নাছিল দুমাহ ধৰি। ওলোটাই ঘৰলৈ আহিব খোজাত যুৱক কেইজনৰ পৰা বিচাৰিছিল ধন। এজন যুৱকৰ পৰা ২লাখ টকা কৈ বিচাৰিছিল। তামিলনাডু এৰিলে হত্যাৰ ভাবুকিও দিছিল ঠিকাদাৰ কেইজনে। যুৱক কেইজন ক্ৰমে পশ্চিম বংগ, চৰাইদেও আৰু ডিব্ৰুগড় জিলাৰ আছিল। এটা সেনাৰ দলে উদ্ধাৰ কৰিছিল এই যুৱক কেইজনক। স্থানীয় প্ৰশাসন আৰু আৰক্ষীৰ সহযোগত মঙলবাৰে নিশা ঘৰলৈ উভতিব যুৱক কেইজন। শাৰীৰিক ভাৱে নিৰ্যাতন চলোৱা শিলচৰৰ আলম, বিণু চৌধুৰি, ৰুবুল আলী বৰ্তমান পলাতক।