বৰপথাৰত আছুৰ পথ অৱৰোধ

 08/27/2019 - 20:23

সৰুপথাৰঃ ধনশিৰি মহকুমাৰ ৮০ শতাংশ পথ শোচনীয় হৈ পৰাৰ পাছতো এতিয়ালৈকে গড়কাপ্টানি বিভাগে পথসমূহ মেৰামতি আৰু পুনৰ নিৰ্মাণৰ বাবে ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ আজি বৰপথাৰত বৰপথাৰ আঞ্চলিক ছাত্ৰ সন্থা, টেঙানী আঞ্চলিক ছাত্ৰ সন্থা, বিলগাঁও আঞ্চলিক ছাত্ৰ সন্থা আৰু গেলাবিল আঞ্চলিক ছাত্ৰ সন্থাই চিলনীজান সৰুপথাৰ সংযোগী পথটো অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে ধনশিৰি মহকুমাৰ অন্তৰ্গত সৰুপথাৰ পৰা বৰপথাৰ হৈ ছিলনিজান সংযোগী ১৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথচোৱা যোৱা বছৰ CCL নামৰ এটা বহিৰাগত নিৰ্মাণ সংস্থাক পথটো নিৰ্মাণৰ বাবে দায়িত্ব প্ৰদান কৰা হৈছিল।

পথটো অতি নিম্ন মানৰ সামগ্ৰীৰে নিৰ্মাণ কৰা বাবে মাত্ৰ এটা বছৰ সম্পূৰ্ণ নহওঁতেই বিভিন্ন ঠাইত জহি খহি গৈছে। আনকি পথটোৰ কাষত লগোৱা নামফলক আৰু সংকেত চিহ্নৰ ফলকসমূহো নিৰ্দিষ্ট স্থানৰ পৰা নাইকিয়া হৈ গৈছে। জামুগুৰী-বৰপথাৰ সংযোগী পথ, বৰপথাৰ-টেঙানী সংযোগ কৰা ভোজৰ আলি আলি আৰু ফৰেষ্ট আলি নামৰ পথ দুটাৰ কদৰ্যময় ৰূপতো ক্ষোভিত হৈ পৰিছে ছাত্ৰ সংগঠনটো। এই পথসমূহ মেৰামতি নকৰাৰ বাবে প্ৰতিদিনেই দুৰ্ঘটনা সংঘটিত হৈছে এই পথসমূহত। লগতে বিভিন্ন স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী আৰু ৰোগী যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে। এই পথসমূহ মেৰামতি আৰু পুনৰ নিৰ্মাণৰ বাবে অতি শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ছাত্ৰ সংগঠনটোৱে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।