ৰঙিয়াঃ ৰঙিয়া বনগাঁৱত থকা সামূহিক স্বাস্থ্য কেন্দ্ৰত যোৱা নিশা কোনো দুৰ্বৃত্তই তিনিটাকৈ ছ’লাৰ লাইটৰ বেটাৰী খুলি নিয়াৰ পিছত চিকিৎসালয়খনৰ অধিকাংশ অঞ্চল অন্ধকাৰ হৈ পৰে। প্ৰাপ্ত খবৰ অনসৰি ৰঙিয়া বনগাঁওস্থ সামূহিক চিকিৎসালয়খনৰ পিছফালে অৰ্থাৎ চিকিৎসকৰ আবাস গৃহসমূহৰ সন্মুখত থকা ছ’লাৰ লাইটসমূহত চোৰে এনে ঘটনা সংঘটিত কৰে। দিনৰ দৰে নিশাৰ ভাগতো ৰোগী তথা অভিভাবকসকল উপস্থিত থকাৰ পিছতো অতি আচৰিতভাবে তিনিটাকৈ ছ’লাৰ লাইটৰ খুঁটাৰে বগাই লাইটৰ মূল্যবান বেটাৰীসমূহ চুৰি কৰি লৈ যায়।
পুৱাৰ ভাগত চিকিৎসালয়ত কৰ্মৰত একাংশ ব্যক্তিৰ চকুত পৰে উক্ত ঘটনাটো। বিষয়টোৰ সন্দৰ্ভত লগে লগে চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডাঃ দীলিপ বৈশ্যক অৱগত কৰাত বৈশ্যই নিজাববীয়াকৈ তদন্ত কৰে যদিও চুৰি কাৰ্যৰ সন্দৰ্ভত কোনো ধৰণৰ সম্ভেদ পোৱা নাই। উল্লেখ্য যে যোৱা কেইদিনমান পূৰ্বে চোৰৰ এটা দলে চিকিৎসালয়খনৰ চিলিং ভাঙি গাণনিক বিষয়াগৰাকীৰ কোঠাত প্ৰবেশ কৰি নগদ ধন বিচাৰে। ধন নেপাই বিষয়াগৰাকীৰ কোঠাৰ আচবাবসমূহ লণ্ড ভণ্ড কৰি থৈ যায়। ইফালে জানিব পৰা মতে ৰঙিয়া চহৰৰ লগতে চিকিৎসালয়খনত এনেদৰে চোৰে বাৰে বাৰে তাণ্ডব চলোৱা সন্দৰ্ভত ৰঙিয়া আৰক্ষীক অৱগত কৰা হৈছিল যদিও আৰক্ষীয়ে বৰ্তমানলৈ এজনো দুৰ্বৃত্তক আটক কৰিব পৰা নাই। সেইবাবে যোৱা নিশা চিকিৎসালয়খনত চুৰি কাৰ্য্য সংঘটিত হোৱাৰ পিছতো আৰক্ষীক নজনোৱাৰ সিদ্ধান্ত লয় চিকিৎসালয়খনৰ তৰফৰ পৰা।