ৰঙিয়াত হোটেলৰ কোঠাত ছিপ লোৱা অৱস্থাত কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ

 08/28/2019 - 18:05

ৰঙিয়াঃ ৰঙিয়া ৰে’ল ষ্টেচনৰ সমীপৰ গনেশ হোটেলত অঘটন। হোটেলৰ কোঠাত গামোছাৰে ছিপ লোৱা অৱস্থাত কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ। কৰ্মচাৰীজন ৰাঙাপাৰাৰ বিশাল মালাকাৰ (২২) বুলি চিনাক্ত কৰা হৈছে। ঘটনা সন্দৰ্ভত হোটেলখনৰ গৰাকীয়ে অৱগত হোৱা মাত্ৰকে আৰক্ষীক খবৰ দিয়াত দণ্ডাধীশসহ ৰঙিয়া আৰক্ষীৰ এটা দল হোটেলখনত উপস্থিত হৈ মৃতদেহটো নমাই মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে।

জানিব পৰামতে মৃত যুৱকজনে দুমাহ পূৰ্বে হোটেলখনত কৰ্মচাৰী হিচাপে যোগদান কৰিছিল। দুদিন পূৰ্বে ঘৰলৈ গৈ সোমবাৰে ঘৰৰ পৰা উভতি আহি কামত যোগ দিছিল যদিও মঙলবাৰে ৰহস্যজনকভাবে যুবকজনে উক্ত ধৰণে আত্মহত্যা কৰে। ৰঙিয়া আৰক্ষীয়ে ঘটনা সন্দৰ্ভত প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।