08/28/2019 - 18:07
in
ডিজিটেল ডেস্কঃ বিশ্বনাথৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ গোপ সাধাৰুৰত এক পথ দুৰ্ঘটনা সংঘটিত হয়। আজি পুৱা ৮.৩০ মান বজাত অৰুণাচলৰ পৰা তেজপুৰ অভিমুখে গৈ থকা AR-04A7444 নম্বৰৰ তীব্ৰ বেগী চুমুখন নিয়ন্ত্ৰণ হেৰিৱাই বাগৰি পৰা ফলত এজন থিতাতে নিহত হোৱা লগতে কেইবাজনো লোকক আহত হয়। জানিব পৰা মতে নিহত লোকজন চুমুখনৰ চালক কালু।
ইফালে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হোৱা ৭ জনকৈ যাত্ৰীৰ ভিতৰত ক্ৰমে মইনা বড়ো (৩৩), লামু পাদা (৪৫), সঞ্জয় সাগৰ (৫০), চুম্পী গুম্পা (৪৪), মইনা টানা (১২), প্ৰেমা লাজু (৫০), ৰিমজিম লাহমু (২২), আহতসকলক স্থানীয় বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয় ভত্তি কৰোৱা হৈছে।