ধুবুৰীঃ ধুবুৰী জিলাৰ এ এম কো ৰোড বজাৰ নগৰ আৰক্ষী চকীৰ অন্তৰ্গত ভাষানীচৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়ত আজি পঞ্চায়তটোৰ এন এচ কে আৰু ধুবুৰী আৰক্ষী প্ৰশাসনৰ উদ্যোগত ৩১ আগষ্টত প্ৰকাশ পাবলগীয়া ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ন সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয়। উক্ত অনুষ্ঠিত সভাখনত পঞ্চায়তৰ সভানেত্ৰী হামিদা খাতুনৰ সভাপতিত্বত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে স্থানীয় সচেতন যুৱক ৰিয়াজুল হকে।
সজাগতা সভাখনত মুখ্য অতিথি হিচাপে ধুবুৰী সদৰ আৰক্ষী চকীৰ অ’চি উপস্থিত থাকি কয় যে ৩১ আগষ্টত প্ৰকাশ হ'ব লগা এন আৰ চিৰ পূৰ্ণাংগ তালিকাত যদিহে কোনো নাগৰিকৰ নাম কেনেবাকৈ বাদ পৰে তাৰ কাৰণে কোনো ধৰণৰ শংকা কৰিব নালাগে আৰু কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সচেতন লোকসকলে দৃষ্টি ৰাখিব লাগিব।
লগতে কয় যে আমাৰ ধুবুৰীৰ চৰাঞ্চল আৰু গাঁৱত বসবাস কৰা লোকসকলক প্ৰয়োজনত বুজনি দিব লাগিব। ইয়াৰ উপৰি পঞ্চায়তৰ জনপ্ৰতিনিধিৰ লগতে সচেতন যুৱক আবুল কালাম (ৰুপচান), ছানোৱাৰ হুছেইন, সহিদুৰ ৰহমান, বিশা সেখকে ধৰি প্ৰায় শতাধিক স্থানীয় ৰাইজৰ সমাগম হয়।