08/28/2019 - 19:37
in
নলবাৰীঃ সমাজত ভয়াৱহভাৱে সামাজিক উশৃংখলতা বৃদ্ধিৰ অন্যতম কাৰক 'মদ'ৰ বিৰুদ্ধে যুযুধান ৰূপত থিয় দিছে নলবাৰীৰ সোণপুৰৰ এদল মহিলাই। নলবাৰী চহৰৰ সমীপৱৰ্তী সোণপুৰ গাঁৱক মদমুক্ত গাঁও হিচাপে গঢ়ি তোলাৰ বাবে সোণপুৰ মহিলা সমিতিৰ নেতৃত্বত এদল মহিলাই চলাই আহিছে অভিযান।
মহিলা সমিতিৰ নেতৃত্বত চলি থকা এই অভিযানৰ ফলত গাঁওখনত বহুলাংশে মদ-ভাঙৰ প্ৰচলন কমিছে যদিও দুষ্ট চক্ৰই মাজে মাজে অতি সংগোপনে ইয়াৰ ব্যৱসায় চলাই থকাৰ অভিযোগ উঠাৰ সময়তে আজি পুনৰ হাতে লোটে ধৰা পৰিল এজন অবৈধ চুলাই ব্যৱসায়ী। সোণপুৰ মহিলা সমিতিয়ে চলোৱা অভিযানত হাতে-লোটে ধৰা পৰা চুলাই ব্যৱসায়ীজনৰ নাম বিজয় দাস। ইতিমধ্যে নলবাৰী সদৰ আৰক্ষীয়ে চুলাই ব্যৱসায়ীজনক আটক কৰাৰ লগতে তেওঁৰ লগত থকা চুলাইখিনিও জব্দ কৰে।