জনীয়াঃ বৰপেটা জিলা আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ অধীনস্থ হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ কুমাৰ দাসৰ কাম-কাজত অতিষ্ঠ হৈ পৰিছে আমছু, বৰপেটা জিলা সমিতিৰ লগতে সচেতন মহল। হাউলী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ কুমাৰ দাস পুনৰ হাউলী আৰক্ষী থানালৈ বদলি হৈ অহাৰ পাছৰে পৰাই হাউলী অঞ্চলত বিভিন্ন ধৰণে অশান্ত পৰিবেশ সৃষ্টি কৰাৰ লগতে থানা এলেকাত অবৈধ কামৰ ভূস্বৰ্গত পৰিণত হোৱা বুলি আমছুৱে অভিযোগ তুলিছে।
এই সংক্ৰান্তত আমছুৱে বৰপেটা আৰক্ষী অধীক্ষকৰ ওচৰত যোৱা ২৭ আগষ্টত এখন স্মাৰক পত্ৰ প্ৰদান কৰে। বৰপেটা জিলা কমিটিৰ সভাপতি নজৰুল ইছলাম আৰু সাধাৰণ সম্পাদকদ্বয় ক্ৰমে ৰহিদুল শিকদাৰ আৰু হুমায়ুন আলী স্বাক্ষৰিত স্মাৰক পত্ৰত আৰু উল্লেখ কৰা মতে এই গৰাকী বিষয়াৰ পূৰ্বে যিগৰাকী বিষয়াক হাউলী আৰক্ষী থানাত নিযুক্তি প্ৰদান কৰিছিল তেখেতৰ প্ৰচেষ্টাত পৰিবেশ বহুত উন্নত হৈছিল।
কিন্তু বৰ্তমান অ চি পংকজ কুমাৰ দাসক পুনৰ নিযুক্তি দিয়াৰ পিছত বিভিন্ন অভিযোগ লৈ যোৱা জনসাধাৰণক বিভিন্ন ধৰণে অকথ্য গালি-গালাজ তথা দাবী ধমকি দিয়া সৰ্বজনবিদিত। লগতে স্থানীয় ৰাইজৰ লগতো ভাল ব্যৱহাৰ নকৰে বুলি অভিযোগ উত্থাপিত হৈছে। সেয়েহে বৰপেটা জিলা আৰক্ষী অধীক্ষকে বিষয়টোৰ প্ৰতি লক্ষ্য কৰি অতি ক্ষিপ্ৰতাৰে অ’চিজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। অন্যথা তেখেতৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি বৰপেটা জিলা আমছুৰ সভাপতি নজৰুল ইছলামে সাংবাদিকক আগত জানিবলৈ দিয়ে।