বটদ্ৰৱাঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত চকলাঘাটৰ দৰঙীয়াল গাঁও নিৱাসী বিশিষ্ট সমাজকৰ্মী তথা ধৰ্মপৰায়ণ ব্যক্তি মিলাৰাম শইকীয়াৰ মঙলবাৰে নিশা নিজা বাসভৱনত দেহাৱসান ঘটে৷ বিগত কিছুদিন ধৰি বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ থকা আশী ঊৰ্ধ্বৰ শইকীয়াক ঘৰতে চিকিৎসা প্ৰদান কৰা হৈছিল৷
স্থানীয় বিভিন্ন ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত সক্ৰিয়ভাবে জড়িত থকা শইকীয়াই সমাজত এগৰাকী সুদক্ষ বায়ন আৰু পাঠক হিচাপে পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল৷ অংকীয়া ভাওনাৰ অভিনয়তো দক্ষতা থকা শইকীয়াই "সূত্ৰধাৰ"ৰ চৰিত্ৰত কৰা বলিষ্ঠ অভিনয় আৰু নৃত্য দৰ্শক ৰাইজে কেতিয়াও পাহৰিব নোৱাৰিব৷
মৃত্যুৰ খবৰ বিয়পি পৰাত আজি পুৱা তেওঁৰ বাসগৃহত বহুলোকৰ সমাগম হয় আৰু নশ্বৰদেহত শেষ শ্ৰদ্ধা নিবেদন কৰে৷ তেওঁৰ মৃত্যুত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ বিয়পি পৰাৰ লগতে বহু অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে৷ তেওঁ মৃত্যুৰ সময়ত পাঁচ জন পুত্ৰ আৰু দুগৰাকী কন্যা সন্তান সহিতে অনেক আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ যায়৷