এন আৰ চি সন্দৰ্ভত শ্ৰীৰামপুৰত সজাগতা সভা

 08/28/2019 - 20:56

শ্ৰীৰামপুৰঃ দীৰ্ঘদিনৰ অপেক্ষা-উৎকণ্ঠাৰ অন্তত ৩১ আগষ্টত প্ৰকাশ পাব চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী(এন আৰ চি)। এন আৰ চি প্ৰকাশৰ পাছৰ পৰিৱেশ স্বাভাৱিককৈ ৰখাৰ উদ্দেশ্যে আজি গোসাঁইগাঁও মহকুমা আৰক্ষীয়ে শ্ৰীৰামপুৰত এক সজাগতা সভাৰ আয়োজন কৰে। শ্ৰীৰামপুৰৰ জ্যেষ্ঠ সাংবাদিক তথা সমাজকৰ্মী স্বপন কুমাৰ এছৰ পৰিচালনাত অনুষ্ঠিত সভাখনত গোসাঁইগাঁও মহকুমা আৰক্ষী বিষয়া বিদ্যুৎ বিকাশ বৰা ভূঞাই কয় যে এন আৰ চিৰ চুড়ান্ত তালিকাত যদি কাৰো নাম বাদ পৰে তেওঁলোকক আতংকিত হোৱাৰ কোনো কাৰণ নাই।

বাদ পৰা কোনো লোকৰ উপযুক্ত তথা বৈধ নথি থাকে তেনে লোকে পৰৱৰ্তী চাৰি মাহৰ ভিতৰত পুনৰ নাম অন্তৰ্ভুক্ত কৰাৰ সুযোগ পাব।বাদ পৰা লোক সকলক আইনী প্ৰক্ৰিয়াত চৰকাৰী পক্ষই সহায় কৰাৰ লগতে আৰক্ষীয়েও প্ৰয়োজনীয় সহায় আগবঢ়াব বুলি আৰক্ষী বিষয়াজনে ৰাইজক আশ্বস্ত কৰে। মুঠতে প্ৰতিগৰাকী প্ৰকৃত ভাৰতীয় লোক এন আৰ চিত অন্তৰ্ভুক্ত হ’ব এইক্ষেত্ৰত কোনো সন্দেহ নাই।

কিন্তু উপযুক্ত তথ্য পাতিৰ অভাৱত যদি নাম তালিকাত অহা নাই সেইটো লৈ অযথা আৱেগিক নহৈ পৰৱৰ্তী প্ৰক্ৰিয়াত অংশ লৈ নিজৰ নামটো অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰয়াস কৰাৰ আহ্বান জনাই তেওঁ পুনৰ কয় যে এন আৰ চিক লৈ যাতে কোনো দুষ্ট চক্ৰই সমাজত ভুল বাৰ্তা বিয়পাই অশান্তিৰ সৃষ্টি কৰিব নোৱাৰ তাৰ প্ৰতি আৰক্ষীয়ে তীক্ষ্ম দৃষ্টি ৰাখিছে যদিও ৰাইজো সজাগ সচেতন হৈ থকাটো আৱশ্যক।

বিশেষকৈ ছ'চিয়েল মিডিয়াৰ ওপৰত বিশেষভাৱে দৃষ্টি ৰখা হৈছে বুলি আৰক্ষী বিষয়াজনে সদৰী কৰি কয় ছ'চিয়েল মিডিয়াৰ কোনো ভুৱা আৰু উচটনিমূলক বাতৰিৰ পছন্দ আৰু শ্বেয়াৰ কৰাত সাৱধানতা অৱলম্বন কৰাৰ বাবে বিশেষকৈ যুৱ সমাজক আহ্বান জনাই আকৌ কয় পছন্দ আৰু শ্বেয়াৰ কৰা সকলকো অপৰাধী বুলি গন্য কৰা হ'ব। তেওঁ এন আৰ চি প্ৰকাশৰ আগে পিছে পৰিস্থিতি স্বাভাৱিক ৰখাৰ বাবে সকলো শ্ৰেণীৰ ৰাইজক আহ্বান জনায়। উচ্চতম ন্যায়ালয়ৰ তত্ত্বাবধানত চলি থকা এন আৰ চিত বাধা সৃষ্টি কৰিবলৈ প্ৰয়াস কৰা অপশক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহন কৰা হ'ব বুলি জনায় সভাত উপস্থিত থকা এছ এছ বিৰ ৩১ নম্বৰ বাহিনীৰ এৰিয়া কমাণ্ডাৰ বিনয় পাণ্ডেই।

উক্ত সজাগতা সভাত গোসাঁইগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভৱানীধৰ শৰ্মা, শ্ৰীৰামপুৰ ভিচিডিচিৰ সভাপতি দিলীপ কুমাৰ পোদ্দাৰ, গাঁওবুঢ়া আশুতোষ সাহা, শ্ৰীৰামপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ বিজ্ঞান শিক্ষক উত্তম ঘোষ, শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জীৱন দৈমাৰীয়ে ৰাইজক বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়াই অঞ্চলটোত শান্তি-শৃংখলা অটুট ৰাখিবলৈ আহ্বান জনায়। উক্ত সভাত শ্ৰীৰামপুৰ প্ৰেছ ক্লাবৰ সভাপতি বিশ্বজিৎ চৌধুৰী, মহিলা সমিতিৰ কে'বাগৰাকী নেত্ৰী, ক্লাব, ছাত্ৰ-যুৱ সংগঠনৰ প্ৰতিনিধিকে ধৰি স্থানীয় ব্যৱসায়ী তথা সাধাৰন ৰাইজ অংশগ্ৰহন কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।