লখিমপুৰঃ চৰকাৰ তথা জলসম্পদ বিভাগৰ ওপৰত আস্থা হেৰুৱাই এইবাৰ সোৱণশিৰিৰ পাৰত পূজা অৰ্চনা খহনীয়াগ্ৰস্ত ৰাইজৰ। লখিমপুৰ জিলাৰ তেলাহীৰ চন্দ্ৰপুৰবাসীয়ে বুধবাৰে সোৱণশিৰি নদীৰ পাৰত অদৃষ্টজনৰ ওচৰত সেৱা জনালে খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি। বহুবাৰ চৰকাৰৰ ওচৰত আবেদন নিবেদন কৰিও নাপালে কোনো প্ৰতিৰোধৰ ব্যৱস্থা।
অৱশেষত পুৱাই চন্দ্ৰপুৰৰ পুৰুষ-মহিলা, আবাল বৃদ্ধ বনিতা সকলো ওলাই আহি সেৱা-প্ৰাৰ্থনা জনাই ভোগ আগবঢ়ালে সোৱণশিৰি বুকুত। খোল-তাল, আয়তীৰ উৰুলিৰে সকলোৱে শৰণাপন্ন হ’ল অদৃষ্টজনৰ ওচৰত। কিয়নো চন্দ্ৰপুৰত বছৰি অব্যাহত আছে ভয়াবহ খহনীয়া। হেক্টৰ হেক্টৰ খেতি মাটি নদীৰ বুকুত জাহ যোৱাৰ লগতে উছন হৈছে বহু পৰিয়ালৰ ঘৰ-ভেটি। বিপৰীতে চৰকাৰ তথা বিভাগৰ নাই কোনো আঁচনি। বিশেষভাবে এই বৰ্ষটোত খহনীয়াই ধাৰণ কৰিছে ভয়াবহ ৰূপ। সেয়ে সকলোৱে বুধবাৰে পুৱাই মাঙ্গলিক পৰম্পৰাৰে নদীৰ পাৰত একত্ৰিত হৈ ভোগ আগবঢ়াই সেৱা জনালে অদৃষ্টজনক।