08/29/2019 - 15:12
in
লখিমপুৰঃ লখিমপুৰত বিধ্বস্ত পথে জলা-কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গড়কাপ্টানি বিভাগৰ চূড়ান্ত ব্যৰ্থতাৰ বাবে পথলৈ ওলাই আহিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত শতাধিক জনতা। লীলাবাৰীৰ পৰা কাকৈ ৰাজগড় বিধ্বস্ত পথ মেৰামতিৰ দাবীত ২ ঘণ্টীয়া পথ অৱৰোধ যুৱ ছাত্ৰৰ নেতৃত্বত শতাধিক পুৰুষ-মহিলাৰ।
কাকৈ ৰাজগড় এজেৱাইচিপিৰ উদ্যোগত হোৱা এই পথ অৱৰোধৰ জৰিয়তে পৰিৱৰ্তনকামী বিজেপি চৰকাৰক দিয়ে তীব্ৰ সকীয়নি। চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে আকাশ-বতাহ। অতিশীঘ্ৰে পথ সূচল নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে যুৱ ছাত্ৰই।