মনকাচৰঃ গ্ৰামাঞ্চলৰ ৰাইজৰ চিকিৎসাৰ বাবে ৰাষ্ট্ৰীয় গ্ৰামিন স্বাস্থ্য অভিযান আঁচনিৰ অধীনত দঃশালমাৰা মানকাচৰ জিলাত চৰকাৰে দিয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই দঃশালমাৰাবাসিক চিকিৎসাৰ পৰা বঞ্চিত কৰি চিকিৎসালয় খন ধুবুৰী চহৰত চলাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে আমছু৷ দক্ষিণ শালমাৰৰ ৰাইজক চৰকাৰী চিকিৎসাৰ পৰা বঞ্চিত কৰি দঃশালমাৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ কৰ্মচাৰী ধুবুৰী চহৰত কৰ্মত নিয়োজীত হৈ থকা কৰ্মচাৰীক দঃশালমাৰালৈ অনাৰ বাবে দাবী জনায়৷ কংগ্ৰেছ চৰকাৰৰ শাসনৰ সময়ৰ পৰা উন্নয়ন আৰু পৰিবৰ্তনৰ শ্লোগান দিয়া বিজেপি চৰকাৰ প্ৰায় ৬ বছৰ পাৰ হৈ গ’ল কিন্তু একেই অপৰিবৰ্ত্তনীয় অনুন্নত অৱস্থাত স্বাস্থ্য কেন্দ্ৰটো৷
বিভিন্ন দল সংগঠনৰ লগতে ৰাইজেও দাবী জনোৱাৰ পিছতো কাণসাৰ নাই চিকিৎসালয় বিভাগীয় কৰ্তৃপক্ষৰ৷ শেহতীয়াকৈ দঃশালমাৰা আঞ্চলিক আমছুৱে দাবী জনোৱাৰ পিছত ধুবুৰী যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্য্যালয়ৰ পৰা যোৱা ৭ চেপ্তেম্বৰত দঃশালমাৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত স্বাস্থ্য বিষয়ালৈ তৎকালীন নিৰ্দেশনা জাৰি কৰাৰ পিছতো কোনো গুৰুত্ব নিদিয়াত সন্দেহ প্ৰকাশ কৰিছে দঃশালমাৰা মানকাচৰ জিলা আমছুৰ উপসভাপতি ৰাজিব খানে৷