বংগৰ দিদিক উন্নয়নৰ ৰাজপথত থকা এটা ‘স্পীডব্ৰেকাৰ' বুলি কৈ ৰোষত পৰিল মোডী

 04/04/2019 - 10:22

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ দিন ক্ৰমাৎ চমু চাপি আহিছে। তুংগত উঠিছে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ। বৃদ্ধি পাইছে ইটো দলে সিটো দলক কৰা আক্ৰমণ-প্ৰত্যাক্ৰমণ। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এইবাৰ উভতি ধৰিলে প্ৰধানমন্ত্ৰী মোডীক। লোকসভা নিৰ্বাচনৰ পূৰ্বে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী আৰু বিজেপিৰ মাজৰ আক্ৰমণ-প্ৰত্যাক্ৰমণ বৃদ্ধি পাইছে। ‘

আমি বাৰু একো কৰাই নাই, আপুনিনো যোৱা ৫ টা বছৰে কি কৰিলে?’ -এইবুলি মোডীক উদ্দ্যেশি প্ৰশ্ন তুলিছে বংগৰ দিদিয়ে। শেহতীয়াকৈ বুধবাৰে মোডীয়ে শিলিগুড়িত এক নিৰ্বাচনী জনসভা সম্বোধন কৰি মমতা বেনাৰ্জীক শাণিত ভাষাৰে আক্ৰমণ কৰাৰ পিছতে সন্ধিয়া তৃণমূল কংগ্ৰেছৰ এখন জনসভাত মোডীক উভতি ধৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

তেওঁ মোডীক আক্ৰমণ কৰি কয়, ‘আপুনি কৈছে আমি দৰিদ্ৰৰ বাবে একো কৰা নাই। আপুনি যেনিবা কৰাই নাই, কিন্তু যোৱা ৫ বছৰত আপুনি কি কৰিলে সেয়া কওক।সকলো সময়তে আপুনি মিছাৰ ওপৰত চলাটো বাদ দিয়ক।’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক এগৰাকী ম্যাদ উকলা প্ৰধানমন্ত্ৰী আখ্যা দি মমতাই কয়, ‘এতিয়া চকীদাৰ আৰু তেওঁৰ চৰকাৰৰ ম্যাদ উকলিছে। সেই জনতাৰ বাবে বিজেপি চৰকাৰ এতিয়া বিহ স্বৰূপ হৈ পৰিছে।’

উল্লেখ্য যে, বুধবাৰে শিলিগুড়িত প্ৰধানমন্ত্ৰী মোডীয়ে এখন নিৰ্বাচনী জনসভা সম্বোধন কৰি মমতা বেনাৰ্জীক উন্নয়নৰ ৰাজপথত থকা এটা ‘স্পীডব্ৰেকাৰ’ আখ্যা দিছিল। তাৰ লগতে তেওঁ পশ্চিমবংগ চৰকাৰক আক্ৰমণ কৰি সেই চৰকাৰখনে দৰিদ্ৰ জনতাৰ বাবে একো কৰা নাই বুলি দাবী কৰিছিল। ইয়াৰ পাছতেই মোডীক মিথ্যাচাৰী বুলি ক্ষোভ উজাৰে বংগৰ দিদিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।