বটদ্ৰৱাঃ নগাঁও জিলাৰ পশ্চিমাঞ্চলত সঘনাই বৃদ্ধি পাই আহিছে এটাৰ পিছত আনটোকৈ অপৰাধজনিত ঘটনা। বিশেষকৈ ডুমডুমীয়াৰ নিকটৱৰ্তী চৰ চাপৰিত একাংশ দুষ্কৃতিকাৰীয়ে নিজ ইচ্ছা অনুসৰি মুকলিভাৱে চলাই আহিছে অসামাজিক কাৰ্যকলাপ। বিগত কিছু দিন আগতে উধানতলাত দিন দুপৰতে এজন যুৱকক ঘৰৰ পৰা মাতি নি একে গাঁৱৰে একাংশ যুৱকে হত্যা কৰিছিল। আনকি এবছৰ পূৰ্বে এজন আৰক্ষী কনিষ্টবল বলিকটিয়াত জুৱাৰীৰ গুলীত নিহত হৈছিল। এনেদৰে সংঘটিত হৈ অহা ধাৰাবাহিক অপৰাধজনিত কাৰ্যকলাপৰ বাবেই সাধাৰণ জনতা একপ্ৰকাৰে নিৰাপত্তাহীনতাত ভূগিছে।
এনে সময়তেই অনুৰূপ এক ঘটনা সংঘটিত হৈছে জিলাখনৰ ধিং আৰক্ষী থানাৰ অন্তৰ্গত জেঙনী গাঁৱত৷ এগৰাকী নাবালিকাক অপহৰণ কৰি জে’ল হাজোতলৈ যাব লগা হ’ল এজন যুৱক। প্ৰাপ্ত তথ্য অনুসৰি জেঙনী গাঁৱৰ জালাল উদ্দিনৰ নাবালিকা কন্যাই উচ্চ শিক্ষাৰ বাবে মৈৰাবাৰীৰ হাতীমূৰীয়াস্থিত এখন মাদ্ৰাছাত অধ্যয়ন কৰি আছিল। যোৱা ২৬ আগষ্টৰ দিনা নাবালিকাগৰাকী বিশেষ কাৰণত মাদ্ৰাছাৰ পৰা ওলাই অহাৰ লগে লগেই পূৰ্বৰে পৰা খাপ পিতি থকা মোবাৰক হুছেইন নামৰ যুৱকজনৰ নেতৃত্বত এটি দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰ দেখুৱাই মাদ্ৰাছাৰ সন্মুখৰ পৰাই নাবালিকাগৰাকীক অপহৰণ কৰি নিয়ে৷
পিছত নাবালিকাগৰাকীৰ মাতৃয়ে দিয়া এজাহাৰৰ ভিত্তিত ডুমডুমীয়া আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি নাবালিকাগৰাকীক উদ্ধাৰ কৰাৰ লগতে অপহৰণকাৰী মোবাৰক হুছেইনক আটক কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে। উল্লেখ্য যে মোবাৰক হুছেইন নামৰ লম্পটটো দুটি সন্তানৰ পিতৃ আৰু দীৰ্ঘদিন ধৰি উক্ত অঞ্চলত বিভিন্ন অসামাজিক কাৰ্য্যকলাপ চলাই আহিছে বুলি অভিযোগ পোৱা গৈছে। কাজেই দিন দুপৰতে এগৰাকী নাবালিকাক অস্ত্ৰ দেখুৱাই অপহৰণ কৰা ঘটনাই পুনৰ আৰক্ষী বিভাগৰ ফোপোলা স্বৰূপটো উদঙাই দিছে৷