আমগুৰিঃ বন বিভাগৰ বিষয়া কঢ়িয়াই অনা এখন জিপচী গাড়ী দুৰ্ঘটনাগ্ৰস্ত হয়। ঠিতাতে নিহত হয় চাৰিজন বনকৰ্মী। নিহত বিষয়া কেইজন ক্ৰমে প্ৰশান্ত দত্ত(ফৰেষ্ট গাৰ্ড), বিপুল হাজৰিকা(ফৰেষ্ট গাৰ্ড), নিজাম আহমেদ(ড্ৰাইভাৰ) আৰু প্ৰিয়ম মেচ। গুৰুতৰভাৱে আহত হয় বুবুল বৰুৱা(ৰেঞ্জাৰ) আৰু নিজামুদ্দিন আহমেদ(ফৰেষ্ট গাৰ্ড)। যোৰহাটৰপৰা শিৱসাগৰ বনবিভাগৰ কাৰ্যালয়লৈ AS 04 টি 5737 জিপচী গাড়ীৰে আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দ খাৱৈত বাগৰি পৰাৰ ফলতেই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। শিৱসাগৰ জিলাৰ বন বিভাগৰ সকলোকেইজন কৰ্মচাৰী নিশা কৰ্তব্য সমাপন কৰি আহি থাকোতেই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাৰ পিছতেই স্থানীয় লোকে গৌৰীসাগৰ আৰক্ষীক খবৰ দিয়ে। গৌৰীসাগৰ আৰক্ষী ততাতীয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ নিহত চাৰিজনক উদ্ধাৰ কৰাৰ লগতে গুৰুতৰভাৱে আহত দুজনক শিৱসাগৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইতিমধ্যে আহত দুজনক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়। ঘটনাস্থলীত ১০৮ সেৱাৰ গাড়ী বহু পলমকৈ অহাৰ অভিযোগ স্থানীয় ৰাইজৰ।