08/30/2019 - 14:14
in
মঙলদৈঃ এনআৰচিৰ চূড়ান্ত তালিকা ঘোষণাৰ সময়ত যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে মঙলদৈত উপস্থিত হৈ আৰক্ষী উপ মহাপৰিদৰ্শক ব্ৰজেনজিৎ সিংহই দৰং আৰক্ষীৰে এক বৈঠক অনুষ্ঠিত কৰে। দৰং আৰক্ষী অধীক্ষৰ কাৰ্যালয়ত অনুষ্ঠিত হয় উক্ত বৈঠক।
৩১ আগষ্টত এনআৰচিৰ চূড়ান্ত তালিকা প্ৰকাশৰ পিছত জিলাখন যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহয় তাৰ বাবে সজাগ দৰং আৰক্ষী। মঙলদৈত আৰক্ষীৰ সতৰ্কতামূলক ব্যৱস্থাৰ লগতে চাৰিওফালে তালাচী চলাই আছে। চৰ-চাপৰিৰ কেইবাটাও অঞ্চল সংবেদনশীল বুলি প্ৰকাশ।