গোগামুখঃ সদাব্যস্ত গোগামুখ নগৰখনত বৰ্তমানেও স্বচ্ছ ভাৰত অভিযানে ঢুকি পোৱা নাই। কিয়নো সংবাদ মাধ্যমত আৱৰ্জনা সম্পৰ্কত বাৰম্বাৰ বাতৰি পৰিবেশন কৰাৰ পিছতো গা নলৰিল জিলা প্ৰশাসন অথবা নগৰ পৰিচালনা সমিতিৰ। গোগামুখ নগৰখনত দৈনিক লাখ লাখ টকাৰ লেনদেন হোৱা নগৰখনৰ ব্যৱসায়ীসকলে স্বচ্ছতাৰ দিশত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা দেখা ন'গল। পেলনীয়া সা-সামগ্ৰীসমূহ জধে-মধে নগৰৰ মাজমজিয়াত পেলোৱাৰ ফলত গেলি পচি দুৰ্গন্ধময় পৰিবেশে বিৰাজ কৰিছে সদাব্যস্ত গোগামুখত।
গোগামুখ আছুৰ কাৰ্যালয়ৰ সন্মুখৰ নলাত বিভিন্ন ধৰণৰ গেলা পচা সামগ্ৰী পেলাই দিয়াৰ ফলত তাৰ পৰা ওলোৱা দুৰ্গন্ধই জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা পৰিলক্ষিত হৈছে। পথাচাৰীয়ে নাকত খোপা দি নগ’লে সেই নলাৰ কাষেদি পাৰ হৈ যোৱাতো কঠিন হৈ পৰিছে। কিন্তু ইমানৰ পিছতো কোনো কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ। কেৱল স্বচ্ছ ভাৰত অভিযান মিছনৰ দিৱসতহে গোগামুখ চাফা কৰিবলৈ সাৰ পায় একাংশ জনপ্ৰতিনিধিয়ে।
এই ক্ষেত্ৰত গোগামুখ আছুৱে কেইবা বাৰো জিলা প্ৰশাসনক স্মাৰকৰ যোগেদি অৱগত কৰিছিল যদিও আজি পৰ্যন্ত কোনো ধৰণৰ ফলপ্ৰসু পদক্ষেপ গ্ৰহণ কৰা দৃষ্টিগোচৰ নহ’ল। ইপিনে যান-বাহন নিয়ন্ত্ৰনৰ ক্ষেত্ৰতো গোগামুখৰ যান-বাহন আৰক্ষী ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে। বিশৃংখল পৰিবেশৰ মাজত যান-বাহনসমূহ ৰাখি থোৱাৰ বাবে যাতায়াতৰ ক্ষেত্ৰত কিছু কিছু বাধাৰ সৃষ্টি হৈছে। আনহাতে নগৰখনৰ সোঁমাজতে থকা গড়কাপ্টানি বিভাগৰ পকী পথ ভাঙি প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈ দৈনিক দুৰ্ঘটনা সংঘটিত হ'বলৈ ধৰিছে। এই ক্ষেত্ৰত জিলা প্ৰশাসনে কিবা বিকল্প ব্যৱস্থা গ্ৰহণ কৰিবনে সেয়া পৰবৰ্তী সময়ত লক্ষণীয় হ'ব।