খাৰুপেটীয়াঃ শ্যামপুৰ-খাৰুপেটীয়া সংযোগী মূল পথটোত থকা ভঙা দলংখনে জীয়াতু ভোগাইছে পথচাৰীক৷ পথটোত থকা গড়কাপ্টানি বিভাগৰ এই দলংখনৰ দুয়োটা দিশত মাটি খহাই লৈ যোৱাৰ ফলত পথটোৰে চলাচলত ভীষন সমস্যা হৈছে অঞ্চলটোৰ ৰাইজৰ৷ বিভাগটোৱে দলংখনৰ ভঙা অংশ মেৰামতি কৰি নিদিয়াৰ ফলত এনেদৰে বিপদসংকুলভাৱে বাঁহৰ বিধ্বস্ত দলঙেৰে পাৰ হৈছে ৰাইজে৷
অতি ব্যস্ত পথটোত কণ কণ ছাত্ৰ-ছাত্ৰীসকলেও কাৰোবাৰ সহায় লৈ কোনোমতে পাৰ হৈ বিদ্যালয়লৈ অহা-যোৱা কৰে৷ দলংখন মেৰামতিৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ বিগত দেৰ মাহে অৱহেলাৰ ফলত যমৰ যাতনা ভুগিছে ৰাইজে৷ এই সন্দৰ্ভত স্থানীয় ৰাইজে বহুবাৰ বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়কগৰাকীক অৱগত কৰিছিল যদিও কোনো সুফল নাপালে৷ এনেদৰে দলংখনেৰে যাতায়াত কৰি বিভিন্ন সময়ত দলঙৰ পৰা পৰি বহুতে চিকিৎসা কৰাবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে। অতি শীঘ্ৰে দলংখনৰ ভঙা অংশ মেৰামতি কৰি দিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে ভুক্তভোগী ৰাইজে৷