বাক্সা জিলা প্ৰশাসনৰ সজাগতা সভা

 08/30/2019 - 15:56

বাক্সাঃ সাধাৰণ ৰাইজৰ মাজত যাতে কোনো ধৰণৰ ভয়-শংকা তথা উৰা বাতৰিয়ে বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰিব নোৱাৰে তাকে লৈ তৎপৰ বাক্সা জিলা প্ৰশাসন। বাক্সা জিলা উপাযুক্ত ফাস্কৰ পেগু আৰু আৰক্ষী অধীক্ষকৰ নেতৃত্বত বাক্সা জিলাবাসীক লৈ বৃহস্পতিবাৰে উত্তৰ গোৱর্দ্ধনা হাইস্কুলত অনুষ্ঠিত কৰে এক সজাগতা সভা।

উক্ত সভাত উপায়ুক্তগৰাকীয়ে কয় যে পূৰ্বতে এনআৰচিত নাম অন্তৰ্ভূক্ত হোৱা আৰু কৰ্তন নোহোৱা সকলে প্ৰকাশ পাবলগীয়া তালিকাত দাখিল কৰা আৰু কৰ্তন হোৱাৰ পিছত পুনৰ দাবী দাখিল কৰা লোকসকলক চূড়ান্ত তালিকা চাবলৈ আহ্বান জনাই জিলা উপায়ুক্তগৰাকীয়ে। লগতে তেওঁ এনআৰচিত নাম অন্তৰ্ভূক্ত নহ’লেও কোনো লোক বিদেশী নহয় আৰু তেওঁলোকে সম্পূৰ্ণ সহায় সহযোগ আগবঢ়াব বুলি কয়। উক্ত সভাত বিভিন্ন দল সংগঠনৰ সভাপতি-সম্পাদক উপস্থিত থাকি শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈ ৰাইজক আহ্বান জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।