গোলাঘাটঃ আহোম যুগৰ ধোদতকৈও যেন ধোদ বৰ্তমানৰ গডকাপ্তানী বিভাগ। ঐতিহাসিক পথটোৰ দুৰৱস্থা। পথটো দেখিলে আপুনি নিশ্চয় ভাবিব গাঁতৰ মাজত পথ নে পথৰ মাজত গাঁত। গড়কাপ্তানী মন্ত্ৰী ডাঙৰীয়া আপোনাৰ বিভাগৰ অধীনৰ পথৰ দুৰৱস্থা। বৃহৎ গাঁতৰ মাজত পথটো। ৰাজ্যৰ গড়কাপ্তানী বিভাগৰ চূড়ান্ত গাফিলতিৰ বাবে ভাগি চিগি চুড়ান্ত জৰাজীৰ্ণ হৈ পৰিছে পথছোৱা। ফলত এতিয়া যাতায়তৰ অনুপযোগী হৈ পৰিছে পথটো। এই ঐতিহাসিক পথটোৰেই জয়পুৰলৈকে গৈছে উজনিৰ শেষপ্ৰান্ত। নাগালেণ্ড আৰু অসমৰ যোগাযোগৰো অন্যতম পথ এইচোৱা। কেনেদৰে বৃহৎ বৃহৎ গাতৰ মাজত চলাব লগা হৈছে গাড়ী আৰু এম্বুলেঞ্চ। চিকিৎসালয়লৈ যোৱা ৰোগীৰ পৰা আৰম্ভ ছাত্র ছাত্ৰী লৈকে সকলোৱে এতিয়া হাহাকাৰ কৰিব লগা হৈছে। পথটোৰ এই দুৰৱস্থাৰ সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কমাৰবন্ধা আঞ্চলিক সমিতিয়ে পথ মেৰামতিৰ দাবীত উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিছে। যদি এসপ্তাহৰ ভিতৰত পথটো মেৰামতি নকৰে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ দিছে।