08/30/2019 - 18:54
in
মানকাচৰঃ মানকাচৰৰ কালাপানীৰ ছুইছগেটৰ সন্মুখত বালি মাফিয়াৰ দপদপনি। বালি মাফিয়াই অবৈধভাৱে খনন কৰি আহিছে কালো নদীৰ বালি। বালি মাফিয়াৰ বালি খনন কৰাৰ ফলত জীয়াতু ভুগিব লগা হৈছে নৈপৰীয়া ৰাইজ। অবৈধভাৱে বালি খনন কৰাৰ ফলত কালো নদীৰ ওপৰত থকা এখন কাঠৰ দলঙলৈও আহিছে ভাবুকি।
কাঠৰ দলঙেৰে নিতৌ অহা যোৱা কৰে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজে। ৰাইজে বাধা দিয়াৰ পিছতে বন্ধ নকৰে বালি খননৰ কাম। ৰাজ্য চৰকাৰৰ লগতে জিলা প্ৰশাসনৰ সকলো বিষয়া এন আৰ চিৰ কামত ব্যস্ত থকাৰ সুযোগ গ্ৰহণ কৰিছে একাংশ বালি মাফিয়াই। জিলা প্ৰশাসনক তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে। জিলা প্ৰশাসনে তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিব নে সেয়া সময়ত লক্ষণীয় হ’ব।