চূড়ান্ত এন আৰ চিৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত যোৰহাট জিলা প্ৰশাসন

 08/30/2019 - 19:18

যোৰহাটঃ চূড়ান্ত এন আৰ চিৰ তালিকা প্ৰকাশৰ বাবে সম্পূৰ্ণ ৰূপে প্ৰস্তুত হৈ পৰিছে যোৰহাট জিলা প্ৰশাসন। আজি যোৰহাট জিলা উপায়ুক্ত ৰৌশনী অপৰাঞ্জেয় কাৰটেই এক সংবাদ মেল আয়োজন কৰি এই কথা প্ৰকাশ কৰে। সংবাদ মেলখনত তেওঁ কয় যে যোৰহাটৰ ৩৫০০০ জন লোকে এন আৰ চি পুনৰ নিৰীক্ষণৰ বাবে আবেদন কৰিছিল। কাইলেৰ পৰা যোৰহাটৰ ৬৭ টা এন এইচ কেত উপলব্ধ হ’ব নামসমূহ।

তদুপৰি সমগ্ৰ জিলাখনত ৩১ টা বিদেশী ন্যায়াধীকৰণৰ কেন্দ্র স্থাপন হৈছে বুলিও তেওঁ উল্লেখ কৰে। আনহাতে সংবাদ মেলখনত উপস্থিত থকা যোৰহাট জিলা আৰক্ষী অধীক্ষক বৈভৱ নিম্বলকাৰে জনায় যে কাইলেৰ বাবে যোৰহাটৰ নিৰাপত্তা কটকটীয়া কৰা হৈছে। এন আৰ চিক লৈ বিষবাষ্প বিয়পাব পৰা প্ৰতিজন ব্যক্তিক চিনাক্তকৰণ কৰি চোকা দৃষ্টি ৰখা হৈছে।

ইতিমধ্যে নিৰাপত্তাৰ বাবে প্ৰায় ৫ টা অৰ্ধসামৰিক কোম্পানী যোৰহাটৰ পুলিচ প্ৰশাসনৰ সৈতে সংযোজন ঘটিছে বুলি উল্লেখ কৰে। স্পৰ্শকাতৰ অঞ্চলসমূহৰ বাবে মোবাইল পেট্ৰলিঙৰো ব্যৱস্থা কৰা হৈছে বুলি যোৰহাট জিলা আৰক্ষী অধীক্ষকজনে উল্লেখ কৰে। উল্লেখ্য যে যোৰহাট জিলাত ১৪০৫ গৰাকী চৰকাৰী কৰ্মচাৰীৰ কষ্টৰ ফলত প্ৰস্তুত হৈ উঠিছে এন আৰ চিৰ কাম-কাজ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।