ঘগ্ৰাপাৰত আৰক্ষী-গাঁওৰক্ষী বাহিনীৰ সজাগতা সভা

 08/30/2019 - 20:05

নলবাৰীঃ কাইলৈ বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ পাব। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ নিৰীক্ষণ আৰু তত্বাবধানত অসমত এই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম কৰি থকা হৈছে। ৩১ আগষ্টত প্ৰকাশ পাবলগীয়া এই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত বিগত দিনত নলবাৰী জিলাৰ উপায়ুক্ত তথা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ জিলা পঞ্জীয়ক(DRCR) ভাৰত ভূষণ দেৱ চৌধুৰী, আৰক্ষী অধীক্ষক অমনজিৎ কৌৰে এখনৰ পিছত এখন জিলাখনৰ বিভিন্ন ঠাইত সজাগতা সভা অনুষ্ঠিত কৰি সষ্টম হৈ উঠাৰ সমান্তৰালভাৱে ঘগ্ৰাপাৰ ৰাজহ চক্ৰ বিষয়া জোনটি ডেকা, ঘগ্ৰাপাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰী, ঘগ্ৰাপাৰ থানা, চক্ৰ সংগঠক প্ৰদীপ কুমাৰ দাসৰ তৎপৰতাত আজি ঘগ্ৰাপাৰৰ-মিলন বজাৰত এন আৰ চি সম্পূৰ্ণকে এখন সজাগতা সভা অনুষ্ঠিত হৈ যায়।

স্থানীয় প্ৰশাসন তথা গাঁওৰক্ষী বাহিনীৰ সহাযোগিত আজি আবেলি চাৰিবজাত আল্লিয়া এন আৰচি সেৱা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত এল আৰ চি আৰ দীপক ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত ঘগ্ৰাপাৰ ৰাজহ চক্ৰ বিষয়া জোনটি ডেকাই ভাষনত এনআৰচিক লৈ যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হ’ব নোৱাৰে, তাৰ বাবে স্থানীয় দল সংগঠন, গাঁওৰক্ষী বাহিনী আদি সকলো সময়তে সষ্টম হৈ থাকিবলৈ আহ্বান জনায়।

সভাত ঘগ্ৰাপাৰ থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে ভাষনত কয় যে এনআৰচিক লৈ একাংশ লোকে ন‍্যস্ত স্বাৰ্থ পূৰণৰ বাবে উঠি পৰি লাগি আহিছে, তেনে লোকে যাতে কোনো কুটাঘাতমূলক বা অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ বাবে গাঁওৰক্ষী বাহিনীসমূহে তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব।লগতে আৰক্ষী প্ৰশাসন প্ৰতিটো মুহূৰ্ততে সাজু বুলিও আৰক্ষী বিষয়াগৰাকীয়ে মন্তব্য কৰে।

সভাখনত ঘগ্ৰাপাৰ থানাৰ চক্ৰ সংগঠক প্ৰদীপ কুমাৰ দাসেও ভাষণত ৰাইজৰ সহায়োগিতা কামমা কৰি কয় যে ইতিমধ্যে গাঁঁওৰক্ষী বাহিনীসমূহে বিভিন্ন ঠাইত সভা জৰিয়তে ৰাইজক সজাগ কৰাৰ লগতে তেওঁলোকে ঘগ্ৰাপাৰৰ ৯ টা এনআৰচি কেন্দ্ৰত কৰ্তব্য পালন কৰি ৰাইজক সহায় কৰাৰ আৰু কৰিব বুলিও উল্লেখ কৰে। উক্ত সভাত স্থানীয় গাঁও পঞ্চায়তৰ সভাপতি, কাউন্সিল, দল, সংগঠনৰ প্ৰতিনিধিকে ধৰি অঞ্চলৰ প্ৰায় তিনি শতাধিক ৰাইজ তথা গাঁওৰক্ষী বাহিনীৰ কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰে।

ইফালে ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশৰ ক্ষেত্ৰত নলবাৰী জিলা প্ৰশাসন সকলো প্ৰকাৰে সাজু হৈছে। চক্ৰ বিষয়াগৰাকীয়ে জানিব দিয়া মতে নলবাৰী জিলাৰ ৬৫ টা এন আৰ চি সেৱা কেন্দ্ৰ, সকলো চক্ৰবিষয়াৰ কাৰ্যালয় (৭টা) আৰু জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ লগতে ঘগ্ৰাপাৰতো ৯ টা এনআৰচি সেৱা কেন্দ্ৰত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা পুৱা ১০ বজাত প্ৰকাশ কৰা হ'ব৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।