08/31/2019 - 15:07
in
হাটশিঙিমাৰীঃ হাটশিঙিমাৰী ৩১ আগষ্ট, কানসাৰ নাই জনপ্ৰতিনিধি আৰু চৰকাৰৰ। হিমন্ত বিশ্ব শৰ্মা আপোনাৰ বিভাগৰ বিষয়া-কৰ্মচাৰীৰ গা লৰিব কেতিয়া? আপোনাৰ কথা আৰু কামত মিল আছে নে? নে আপুনি ভাষণৰ ফুলজাৰি মাৰি মাৰি নিৰ্বাচন পাৰ কৰে? হয় হিমন্ত বিশ্ব শৰ্মা আপোনাকেই কৈছো, আপোনাৰ গড়কাপ্তানি বিভাগ যিমানেই শক্তিশালী নকৰক কিয় সচাঁ অৰ্থত কোনো কামেই নহয়। তাৰ জলন্ত প্ৰতিচ্ছবি দেখা গৈছে মানকাচৰৰ বাট-পথত। ৰাজ্যত প্ৰৱল বানপানীয়ে চাৰিওপিনে ৰাস্তা ঘাটৰ শোচনীয় অৱস্থা সৃষ্টি কৰাৰ পিছত পুণৰ মেৰামতি কৰাৰ কোনো পদক্ষেপেই লোৱা নাই। বানপানীয়ে মানকাচৰৰ বাট-পথক পুখুৰী সদৄশ কৰিছে যদিও আজিলৈকে হোৱা নাই কোনো মেৰামতি। হিমন্ত বিশ্ব শৰ্মা ভাষণৰ ফুলজাৰি বন্ধ কৰি উন্নয়নত গুৰুত্ব দি অসমবাসীৰ লগতে মানকাচৰৰ ৰাইজক সকাহ দিয়ক।