প্ৰকাশিত এন আৰ চিক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া মুছলিম ছাত্ৰ সন্থাৰ

 08/31/2019 - 16:39

বৰপেটাঃ শনিবাৰে প্ৰকাশ পোৱা এন আৰ চিৰ চূড়ান্ত তালিকাক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুছলিম ছাত্ৰ সন্থাই ৷ সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জালালউদ্দিনে আজি সংবাদ মাধ্যমৰ জৰিয়তে জনায় যে, এন আৰ চিৰ কিছু বিসংগতিৰ বাবে বহু ভাৰতীয়ৰ নাম অন্তৰ্ভূক্ত নহ'ল ৷বিভিন্ন জাতি জনগোষ্ঠীৰ নাম এন আৰ চি ত অন্তৰ্ভূক্ত নোহোৱাৰ বাবে এন আৰ চি খন সম্পূৰ্ণৰুপে শুদ্ধ নহ'ল বুলি কব পৰাৰ থল থকা বুলি তেওঁ কয় ৷ 

কেইবা দশক পিছত এন আৰ চিৰ কাম কৰা বাবে কিছু বিসংগতি হোৱাতো স্বাভাবিক বুলিও তেওঁ মন্তব্য কৰে ৷বাদ পৰা ভাৰতীয় লোকসকলক পৰবৰ্তী সময়ত এন আৰ চিত অন্তৰ্ভূক্ত কৰাৰ বাবে চৰকাৰ তথা এন আৰ চি কৰ্তৃপক্ষক আহ্বান জনায় নেতাজনে ৷এন আৰ চিক লৈ যাতে কোনো ৰাজনৈতিক দলে ৰাজনৈতিক লাভালাভ আদায় কৰিব নোৱাৰে তাৰবাবে ৰাইজক সজাগ হৈ থকাৰ বাবে তেওঁ আহ্বান জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।