আজ্ঞাঠুৰীত ড্ৰাগছ জব্দ, আটক ৪

 08/31/2019 - 18:07

কামৰূপঃ কামৰূপৰ আজ্ঞাঠুৰীৰ এঘৰ লোকৰ ঘৰত আৰক্ষীৰ মাৰাথান তালাচী। উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ এটা বৃহৎ দলে ড্ৰাগছ সৰবৰাহকাৰী ৰন্টু আলীৰ ঘৰত চলাই তালাচী। আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী ৰন্টু আলী। জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ কণতেনাৰ। লগতে আটক-জ্যোতিষ বৈশ্য, জিতেন বৰ্মন, মুনমুন ৰাজবংশী। উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ আই চি অশোক কুমাৰ সিঙৰ নেতৃত্বত অভিযান। ড্ৰাগছৰ বিৰুদ্ধে কামৰূপ আৰক্ষীৰ মাৰাথান অভিযান অব্যাহত। দুদিন পূৰ্বে দদৰা আৰক্ষী চকীৰ নিয়মীয়া তালাচীত তিনি ড্ৰাগছ সৰবৰাহকাৰী সহ গ্ৰেপ্তাৰ জব্দ হৈছিল বৃহৎ পৰিমাণৰ নিচাযুক্ত ঔষধ। শনিবাৰে পুনৰ আজ্ঞাঠুৰীত আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ জালত পৰিল চাৰিজন। ড্ৰাগছ সৰবৰাহৰ কৰিদৰত পৰিণত হৈছে গুৱাহাটী-হাজো পথ। উত্তৰ কামৰূপত সুলভ এতিয়া নিষিদ্ধ ড্ৰাগছ। হাতত ধন আৰু এটা ফোন কৰি দিলেই ড্ৰাগছ সৰবৰাহকাৰীয়ে পদূলিৰ সন্মুখত দি যায় নিষিদ্ধ ড্ৰাগছ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।