09/01/2019 - 14:00
in
নগৰবেৰাঃ এটা ৫০ জনীয়া বৃহৎ পৰিয়াল। বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত নিচানৰচৰ গাঁৱৰ এই বৃহৎ পৰিয়ালটোৰ এজন সদস্যৰো নাম নাহিল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত। গাঁওখনৰ হুৰমুজ আলী ভূঞাৰ কেউজন পুত্ৰই পিতৃৰ ১৯৫১ চনৰ লিগেচি ব্যৱহাৰ কৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ আবেদন দাখিল কৰিছিল পৰিয়ালটোৱে।
দ্বিতীয় খচৰাত পৰিয়ালটোৰ এজন সদস্যৰ বাহিৰে প্ৰতিজনৰ নাম আহিছিল। কিন্তু পৰৱৰ্তী নাম নহা আব্দুল বাতেন নামৰ লোক জন শুনানিৰ সময়ত পিতৃৰ নামত থকা ১৯৬৬ চনৰ লিগেচি ব্যৱহাৰ কৰে। আৰু তাৰ ফলত ৩১ আগষ্টত প্ৰকাশিত সংযোজিত তালিকাত পঞ্চাশ জনীয়া পৰিয়ালটো এন আৰ চিৰ তালিকাৰ পৰা বাদ পৰে। এই ঘটনাত চৰম হতাশাত ভুগিছে পৰিয়ালটো । NRC কৰ্তৃপক্ষৰ লগতে চৰকাৰে জাৰি কৰা গাইড লাইন অনুসৰি আইনী সাহাৰ্য্য লব পৰিয়ালটোৱে। সহায় বিচাৰিছে NRC কৰ্তৃপক্ষৰ লগতে বিভিন্ন দল সংগঠনৰ ।