শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি মাকুম থানাত

 09/01/2019 - 14:16

তিনিচুকীয়াঃ তিনিচুকীয়াৰ মাকুম থানাত উত্তপ্ত পৰিস্থিতি। এটি চাৰি বছৰীয়া শিশু পুখুৰীত পৰি মৃত্যু হোৱাক লৈ শনিবাৰে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। মাকুমৰ চটা হাপজানৰ ২৪ নম্বৰত চৰকাৰী মাটিত অবৈধভাৱে খান্দি ৰখা এটা পুখুৰীত পৰি শিশুটিৰ মৃত্যুৰ পিছতে উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ।

প্ৰায় দুই শতাধিক উত্তেজিত ৰাইজে মৃতদেহসহ মাকুম থানা ঘেৰাও কৰি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। চৰকাৰী মাটিত অবৈধভাৱে পুখুৰী খন্দা দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান আৰু শিশুটিৰ পৰিয়ালক ক্ষতিপূৰণৰ দাবীৰে জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰ‌ও প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।