বৰপেটাঃ ৰাজ্যখনৰ অগ্ৰণী সাহিত্য সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী অসমৰ প্ৰতিমহীয়া সাহিত্য আলাপ বিৰিণা বৈভৱ আৰু জ্ঞান-মালিনীৰ কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ ১৫০ সংখ্যক জন্মজয়ন্তী শুকুৰবাৰে বৰপেটা জিলাৰ চেঙা মুছলমান গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। বিৰিণা গোষ্ঠী অসমৰ উদ্যোগত আৰু চেঙা উদীয়মান যুৱ সংঘৰ সহযোগত অনুষ্ঠিত উক্ত অনুষ্ঠানত সভাপতিত্ব কৰে বিৰিণা গোষ্ঠীৰ সভাপতি লীলাধৰ পাঠকে। অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে চেঙা জিলা পৰিষদৰ সদস্য বসন্ত ঠাকুৰীয়াই আৰু মফিজুদ্দিন আহমদ হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে জ্যেষ্ঠ শিক্ষক আবজাল আলীয়ে।
শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে সদৌ অসম সাংবাদিক সন্থাৰ উপ সভাপতি ৰাজেন ডেকাই। বিৰিণা বৈভৱ অনুষ্ঠানত পঠিত প্ৰায় কুৰি গৰাকী নবীন-প্ৰবীন কবিৰ কবিতাৰ পৰ্যালোচনা কৰে শিক্ষাবিদ ৰোহিণী কুমাৰ দাসে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি মফিজুদ্দিন আহমদ হাজৰিকাৰ জীৱন-দৰ্শনৰ ওপৰত বক্তব্য প্ৰদান কৰে সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰে। শেষত অসম সংগীত পৰিবেশনেৰে অনুষ্ঠানৰ সামৰণি পৰে।