এনআৰচিঃ ভূমিপুত্ৰৰ নাম বাদ পৰা সংক্ৰান্তত কোচৰাজবংশী ছাত্ৰ সন্থাৰ সংবাদমেল

 09/01/2019 - 15:43

শালবাৰীঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সদ্য প্ৰকাশিত চূড়ান্ত তালিকাৰ পৰা খিলঞ্জীয়া ভূমিপুত্ৰৰ নাম বাদ পৰা সংক্ৰান্তত সদৌ কোচৰাজবংশী ছাত্ৰ সন্থাৰ বাক্সা জিলা সমিতি আৰু বৰপেটা জিলা সমিতিৰ যৌথ উদ্যোগত আজি বাক্সাৰ শালবাৰীৰ চৌৰাগুৰিত এখন সংবাদমেলৰ আয়োজন কৰা হয়৷ সংবাদমেলখনত কোচৰাজবংশী ছাত্ৰ সংগঠনটোৱে অভিযোগ উত্থাপন কৰি কয় যে প্ৰকাশিত এনআৰচিৰ চূড়ান্ত তালিকাত বাক্সা জিলাত প্ৰায় পাঁচ হাজাৰ আৰু বৰপেটা জিলাত প্ৰায় দুহেজাৰ কোচৰাজবংশী খিলঞ্জীয়া ভূমিপুত্ৰৰ নিজৰ সম্পূৰ্ণ শুদ্ধ নথিপত্ৰ থকাৰ পিছতো চূড়ান্ত তালিকাৰ পৰা নাম বাদ পৰিছে৷

ছাত্ৰ সংগঠনটোৱে এনআৰচিৰ সমন্বয়ক প্ৰতীক হাজেলা, অসম তথা কেন্দ্ৰীয় চৰকাৰক তীব্ৰ ভাষাৰে ধিক্কাৰ দি এনআৰচিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰা খিলঞ্জীয়া লোকসকলৰ ক্ষেত্ৰত যাবতীয় ব্যৱস্থাৰে বিদেশীৰ বোজাৰ পৰা মুক্ত কৰি পুনৰাই নামবোৰ তালিকাত অন্তৰ্ভুক্তিকৰণৰ দাবী জনাইছে৷ সংবাদমেলখনত কোচৰাজবংশী ছাত্ৰ সংগঠনটোৰ বাক্সা-বৰপেটা জিলা সমিতিৰ নেতা-কৰ্মীসকল উপস্থিত থাকে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।