আঠখেলীয়া নামঘৰত শংকৰদেৱৰ তিৰোভাৱ তিথি পালন

 09/01/2019 - 16:28

গোলাঘাটঃ আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নামঘৰৰ লগতে গোলাঘাটৰ ঐতিহ্যমণ্ডিত আঠখেলীয়া নামঘৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম হয়। পুৱাৰ পৰাই হাজাৰ হাজাৰ ভকত বৈষ্ণৱে নামঘৰত ভিৰ কৰা পৰিলক্ষিত হয়।

শৰাই আগবঢ়াই গুৰুজনাৰ শ্ৰী চৰনত আশিস গ্ৰহণ কৰে ৰাইজে। ইফালে নামঘৰ পৰিচালনা সমিতিয়েও ভক্তপ্ৰাণ ৰাইজৰ সুবিধাৰ্থে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে গোলাঘাট আৰক্ষী প্ৰশাসনেও কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।