বাইহাটা চাৰিআলিঃ জন্ম দাত্ৰীৰ ওপৰত চলা পুত্ৰৰ অত্যাচাৰৰ বাতৰি বিভিন্ন সময়ত সংবাদ মাধ্যমত প্ৰচাৰিত হৈ অহাৰ পিছতো একাংশ কুলাংগাৰ পুত্ৰই সলনি কৰা নাই নিজৰ স্বভাৱ। পুনৰ বাইহাটা চাৰিআলিত পুত্ৰৰ আক্ৰমণৰ বলি হ'ল এগৰাকী জননী। বাইহাটা চাৰিআলিৰ আলিপূব গাঁৱৰ ফুলবানু বিবি নামৰ এই গৰাকী জননী আক্ৰমণৰ বলি হ'ল নিজৰ কণিষ্ঠ পুত্ৰ মৃদুল আলীৰ হাতত।
ফুলবানু বিবিৰ তিনিজন পুত্ৰৰ ভিতৰত কণিষ্ঠ পুত্ৰই মাকক চোৱাচিতাৰ দায়িত্ব লৈছিল যদিও জ্যেষ্ঠ দুই পুত্ৰই বেলেগত থাকিবলৈ লোৱাৰ পিচৰে পৰা কণিষ্ঠ পুত্ৰ মৃদুলে আৰম্ভ কৰে মাকৰ ওপৰত অত্যাচাৰ। দীৰ্ঘ দিনৰ পৰা পুত্ৰই চলাই অহা শাৰীৰিক আৰু মানসিক অত্যাচাৰ সহ্য কৰিব নোৱাৰি অৱশেষত ফুলবানু উপস্থিত হয় বাইহাটা চাৰিআলি আৰক্ষী থানাত। আৰক্ষী থানালৈ যোৱাৰ কথা গম পাই মৃদুলে মাকক গতিয়াই গতিয়াই বাহিৰ কৰি দিয়ে ঘৰৰ পৰা। পুনৰ ফুলবানু বেগম বাইহাটা চাৰিআলি আৰক্ষী থানাত উপস্থিত হোৱাত আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষাৰ বাবে বেজেৰা সামূহিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
অনুৰূপ ঘটনা সংঘটিত হয় বাইহাটা চাৰিআলিৰ কৰৰা কদমতলত। টাঙোনেৰে কোবাই মাতৃৰ ভাঙিলে হাত। এই বৃদ্ধাগৰাকীৰ ২য় পুত্ৰ হিতেশ তালুকদাৰে শৌচালয় লেতেৰা কৰি থোৱাৰ অপৰাধতে কোবাই ভাঙিলে মাতৃৰ হাত। পূৰ্বেও পুত্ৰই শাৰীৰিক আৰু মানসিকভাবে আক্ৰমণ কৰাৰ অভিযোগ মাতৃগৰাকীৰ।