আমিনগাঁওঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শংকৰদেৱ শিশু নিকেতন উত্তৰ গুৱাহাটীতো আজি মহাপুৰুষ শংকৰদেৱৰ তিৰোভাৱ তিথি পালন কৰা হয়। এই উপলক্ষে পুৱা ৯ বজাৰ পৰা আয়োজিত নাম প্ৰসঙ্গত নিকেতনৰ ছাত্ৰ ছাত্ৰী, আচাৰ্য আচাৰ্যা, অভিভাৱক অভিভাবিকা আৰু পৰিচালনা সমিতিৰ বিষয় ববীয়াসকলে অংশগ্ৰহণ কৰে। দিনৰ ১২ বজাত ২০১৮-১৯ বৰ্ষত সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণ হোৱা ২৮ গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়৷ নিকেতনখনৰ ভিতৰতে ৯৬.৩% নম্বৰৰে প্ৰথম স্থান লাভ কৰা অৰুণাভ হাজৰিকাক মিত্ৰবালা বৰুৱা সোঁৱৰণী বঁটা আৰু নগদ পুৰস্কাৰৰে সন্মানিত কৰা হয়৷
আনহাতে ৯৩.৫% নম্বৰৰে দ্বিতীয় স্থান লাভ কৰা বন্যালিমা বৰুৱাক প্ৰয়াত ইন্দ্ৰেশ্বৰ গোস্বামী বঁটাৰ লগতে নগদ পুৰস্কাৰ দিয়া হয়৷ তৃতীয় স্থান লাভ কৰাৰ লগতে গণিত বিষয়ত ১০০% লাভ কৰা মনালিছা কলিতাক প্ৰায়ত যাদৱ শৰ্মা সোঁৱৰণী বঁটা আৰু নগদ ধনৰে পুৰস্কৃিত কৰা হয়। ৰাষ্ট্ৰ ভাষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা ৰিছা বৰাক প্ৰয়াত যোগেশ্বৰী দাস সোঁৱৰণী বঁটা প্ৰদান কৰা হয়।
সভাত মুখ্য অতিথি ড° উদয় শংকৰ দীক্ষিতে ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনায়৷ গুৱাহাটী আই আই টিৰ যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক গৰাকীয়ে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি দিয়া ভাষণত সময়ৰ লগত খাপখোৱাকৈ দৃঢ় সিদ্ধান্ত লৈ নিজৰ জীৱনত আগৱাঢ়াৰ লগতে দেশ আৰু জাতিৰ সেৱাত ব্ৰতী হ’বলৈ আহ্বান জনায়৷ নিকেতন পৰিচালনা সমিতিৰ সভাপতি মানস দাসে সঞ্চালনা কৰা সভাত সম্পাদক মুকুটেশ্বৰ গোস্বামী আৰু প্ৰধান আচাৰ্য উৎপল তালুকদাৰে ছাত্ৰ ছাত্ৰীক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ভবিষ্যত জীৱনতো উন্নত ফলাফলৰে নিজৰ লগতে অঞ্চলৰ গৌৰৱ বৃদ্ধি কৰিবলৈ সক্ষম হ’ব আশা প্ৰকাশ কৰে। সভাৰ আঁত ধৰে নিকেতনৰ উপপ্ৰধান আচাৰ্য জগদীশ শৰ্মাই।