লংকাঃ হোজাই জিলাৰ লংকাৰ কাকী মৌজাৰ ডেৰাপথাৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাৰ পৰা বঞ্চিত হ’ল ৫০ শতাংশ লোক।উল্লেখ্য যে ১৯৬৪ চনত পূৱ পাকিস্তানৰ পৰা অসমলৈ অহা এইসকল লোকক জৱাহৰলাল নেহৰু প্ৰধান মন্ত্ৰী হৈ থকা দিনতে গোৱালপাৰাৰ শৰণাৰ্থী শিবিৰত ৰখা হৈছিল। পৰৱৰ্তী সময়ত এইসকল লোকক ৩ বছৰৰ পাছত অবিভক্ত নগাঁও জিলাৰ কাকী মৌজাৰ ডেৰাপথাৰত সংস্থাপিত কৰা হয়।
সেইসময়ৰ অসমৰ পুনঃ সংস্থাপন মন্ত্ৰী সাধন সৰকাৰৰ লগতে নগাঁৱৰ উপায়ুক্তই এইসকল লোকক বসতি স্থাপনৰ লগতে শৰণাৰ্থীৰ প্ৰমাণ পত্ৰও প্ৰদান কৰিছিল। কোচ, লালুং, গাৰো, ডালু আৰু বঙালী সম্প্ৰদায়ৰ এইসকল লোকে উক্ত অঞ্চলটোত বিগত ৫৫ বছৰ বসতি স্থাপন কৰি আহিছে। কিন্ত অতি পৰিতাপৰ কথা যে বহু চৰ্চিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত যাৱতীয় সকলো ধৰণৰ কাগজ পত্ৰ দাখিল কৰাৰ পাছতো লোকসকলৰ নাম নাহিল নাগৰিকপঞ্জীত।
বৰ্তমান ইয়াকে লৈ তীব্ৰ ক্ষোভ উজাৰিছে এইসকল বঞ্চিত লোকে। অঞ্চলটোৰ প্ৰায় ৪৫ হাজাৰ লোকৰ নাম কৰ্তন হয় নাগৰিকপঞ্জীত। অতি দৰিদ্ৰ এই লোকসকলে সম্প্ৰতি পুনৰ আবেদনৰ বাবেও ধনৰ অভাৱৰ কথা উল্লেখ কৰি চৰকাৰক ধন যোগান ধৰিবলৈ আবেদন জনাই ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক অঞ্চলটোলৈ আহি চৰজমিন তদন্ত কৰিবলৈকো আহ্বান জনায়।