সোণাপুৰঃ মহানগৰীত শেহতীয়াকৈ বৃদ্ধি পাবলৈ ধৰিছে অপৰাধজনিত কাৰ্যকলাপ৷ পাবত গজা একাংশই ৰাজপথৰ পৰা ট্ৰাক hijack কৰি দাবী কৰে চালক-হেণ্ডিমেনক ধন৷ মহানগৰীত গৰু, সাৰ, চুপাৰি কঢ়িয়াই অনা ট্ৰাকৰ চালক-হেণ্ডিমেনৰ পৰা ধন দাবী কৰি আহিছে৷ কিন্তু এই দুষ্ট চক্ৰটোৰ চকু এই বাৰ ফটকা ট্ৰাকৰ ওপৰত৷ শনিবাৰে পুৱা সোণাপুৰত সংঘটিত হ’বলৈ গৈ আছিল চাঞ্চল্যকৰ দিন ডকাইটিৰ ঘটনা। কৰ্ণাটকৰ পৰা আগৰতলা অভিমুখে গৈ থকা অৱস্থাত মেঘালয়ৰ বৰ্ণিহাটত দিন ডকাইতিৰ প্ৰচেষ্টা৷
ট্ৰাক দুখন নম্বৰ TN 77 x 5333 আৰু TN 28 BV 1175। ২০-২৫ জনীয়া এটি বৃহৎ ডকাইতৰ দলে প্ৰথমে নিজকে অসম আৰক্ষীৰ এছপি বুলি চিনাকী দি আগচি ধৰি hijack কৰে। তামুলীকুছি ১৪ মাইল হৈ ভিতৰুৱা পথৰে সোণাপুৰ বৰখাটলৈ লৈ আহে৷ অৱশেষত স্থানীয় যুুৱকৰ তৎপৰতাত আৰক্ষীয়ে গাড়ী দুখন উদ্বাৰ কৰি সোণাপুৰ নাকা চেকিঙলৈ লৈ আহে। আৰক্ষীক দেখি ডকাইতৰ দলটো ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷ জানিব পৰা মতে এই দলটিয়ে পূৰ্বেও এনে ধৰণৰ অপৰাধমূলক কাৰ্য্যকলাপৰ লগত জড়িত৷ ঘটনাৰে জড়িত অমিত ৰাহাং নামৰ এজনক কৰায়ত্ত কৰিছে। এতিয়া প্ৰশ্ন হয় আৰক্ষীয়ে সক্ষম হ’ব নে এই চক্ৰটিক নাকী লগাবলৈ৷ নে এনেদৰে এজনক কৰায়ত্ত কৰিয়েই নিজৰ দায়িত্ব সামৰিব আৰক্ষীয়ে।