বৰপেটাঃ এনআৰচিৰ চূড়ান্ত তালিকাত অন্তৰ্ভূক্ত নহ'ল গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিৰ কাৰ্যকৰী সভাপতি ময়ুৰ আলীৰ নাম৷ অৱশ্যে নেতাগৰাকীৰ পৰিয়ালৰ আন সদস্যসকলৰ নাম এনআৰচি তালিকাত অন্তৰ্ভুক্ত হোৱা বুলি জানিবলৈ দিছে ময়ুৰ আলীয়ে৷ পূৰ্বতে প্ৰকাশ পোৱা এনআৰচিৰ খচৰা তালিকাত নাম অন্তৰ্ভূক্ত হোৱা নাছিল ময়ুৰ আলীৰ নাম৷ তাৰপিছতে প্ৰয়ােজনীয় নথিসহ নেতাগৰাকীৰ নাম অন্তৰ্ভূক্তিৰ বাবে আবেদন জনাইছিল৷ প্ৰয়াজনীয় নথিসহ কেবাবাৰো শুনানীত উপস্থিত হোৱাৰ পিছতো তেওঁৰ নামটো এনআৰচিৰ পৰা বাদ পৰি ৰোৱা কথাক লৈ আশ্বৰ্য প্ৰকাশ কৰিছে নেতাগৰাকীয়ে৷
তেওঁ কয় যে মোৰ নামটো এন আৰ চিৰ তালিকাৰ পৰা বাদ পৰি ৰোৱা কথাক লৈ মই বৰ বিশেষ চিন্তিত নহয়৷ প্ৰয়োজনীয় বিধি অনুসৰি মোৰ নামটো এনআৰচিৰ তালিকাত অন্তৰ্ভূক্তিৰ বাবে পুনৰ আবেদন জনাম৷ কিন্তু তালিকাৰ পৰা খিলঞ্জীয়া লোকৰ নাম কিয় বাদ পৰি ৰ'ল সেই কথাটোহে ৰহস্যজনক আৰু ইয়ে নিশ্চিতভাৱে এন আৰ চিৰ প্ৰতিয়ে ৰাইজক সন্দিহান কৰি তুলিছে৷ এনআৰচিৰ পৰা বহু খিলঞ্জীয়া লোকৰ নাম বাদ পৰি ৰোৱাৰ দৰেই বহু বিদেশী লোকৰ নাম অন্তৰ্ভূক্ত হৈছে বুলিও তেওঁ খেদ প্ৰকাশ কৰে৷
এন আৰ চিৰ প্ৰতি অসমীয়া ৰাইজৰ যি আশা আছিল সেই আশা আৰু বিশ্বাস এনেবোৰ ঘটনাই মষিমুৰ কৰি তোলা বুলিও তেওঁ ব্যক্ত কৰে৷ আনহাতে একেটা পৰিয়ালৰে পিতৃ মাতৃৰ নাম যদি আহিছে, পুত্ৰ কন্যাৰ নাম তালিকাৰ বাদ পৰিছে৷ আনহাতে পুত্ৰ কন্যাৰ নাম অহাৰ পিছত পিতৃ বা মাতৃৰ নাম বাদ পৰি ৰোৱাৰ যি ঘটনা ইয়ে জাতিৰ দলিল বুলি কোৱা এনআৰচিখনকে এক কৌতুকলৈ পৰিণত কৰি তোলা বুলি অভিহিত কৰি ১৯ লাখৰ অংক দেখুৱাবলৈকে জধে মধে খিলঞ্জীয়া লোকৰ নাম এনেদৰে তালিকাৰ পৰা কৰ্তন কৰা বুলি গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিৰ কাৰ্যকৰী সভাপতি ময়ুৰ আলীয়ে প্ৰকাশ কৰে৷