09/01/2019 - 20:55
in
লখিমপুৰঃ পলাতক অত্যাচাৰী স্বামীক আটক কৰিবলৈ সক্ষম নোহোৱাত লখিমপুৰ জিলাৰ চাউলধোৱা আৰক্ষী চকীত ভুক্তভোগী পত্নীৰ ক্ষোভ। উল্লেখযোগ্য যে যোৱা ২৯ আগষ্টত চাউলধোৱা আৰক্ষী চকীৰ অধীনৰ হালধিআটিৰ নিবাসী পাপু মুদৈ নামৰ লোকজনে পত্নীক ওৰে নিশা শিকলিৰে বান্ধি শাৰীৰিক অত্যাচাৰ কৰাৰ লগতে ডিঙি চেপি হত্যা কৰাৰ প্ৰচেষ্টা চলায়।
পাষণ্ড স্বামীৰ আঘাতৰ চিন মহিলাগৰাকীৰ মুখত স্পষ্ট হৈ আছে। পুৱা এই সম্পৰ্কত চাউলধোৱা আৰক্ষী চকীত মহিলাগৰাকীয়ে গোচৰ তৰে যদিও আজিপৰ্যন্ত দোষীক আটক কৰা নহ’ল। ফলত আজি গাঁওখনৰ মহিলাই আৰক্ষী চকী লৈ আহি ক্ষোভ প্ৰকাশ কৰে। স্বামীৰ অত্যাচাৰৰ ভয়াবহ কাহিনী সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ভুক্তভোগী মহিলাগৰাকীয়ে। আৰক্ষীৰ ওপৰতো কেতবোৰ বিস্ফোৰক অভিযোগ কৰে মহিলাসকলে। ইতিমধ্যে ৰুজু কৰা গোচৰ পঞ্জীয়ন কৰিছে আৰক্ষীয়ে।