ৰাষ্টীয় নাগৰিকপঞ্জীৰ তালিকাত নাম নহাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

 09/02/2019 - 14:03

মাণিকপুৰঃ বৰপেটা জিলাৰ বৰনগৰ ৰাজহচক্ৰৰ অন্তৰ্গত মেধা গাৱৰ ৰফিক আলীৰ পৰিয়ালৰ নামটো এন আৰ চিত নথকাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰফিক আলীৰ ১৯৫১,১৯৬৬,১৯৭১ চনৰ ভোটাৰ তালিকাত নিজৰ নাম থকা স্বত্বেও নিজৰ লগতে পৰিয়ালৰ দুই পুত্ৰ আৰু দুই কন্যাৰ নাম ৰাষ্টীয় নাগৰিকপঞ্জীৰ তালিকাত নাই। ৰফিক আলীৰ লিগেছি ব্যৱহাৰ কৰি বিয়া দিয়া দুই কন্যাৰ নাম এন আৰ চিত ৰ তালিকাত আছে। বৈধ ভাৰতীয়ৰ নাম এন আৰ চিত ত নহাত ক্ষোভ প্ৰকাশ কৰিছে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক আজিজুৰ ৰহমানে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।