ঋণৰ বোজা সহিব নোৱাৰি ডেৰমাহে কন্যাসহ সন্ধানহীন নলবাৰীৰ এটা পৰিয়াল

 09/02/2019 - 14:56

নলবাৰীঃ অত্যধিক ঋণৰ বোজা সহিব নোৱাৰি দিশহাৰা হোৱা নলবাৰীৰ এটা পৰিয়াল ডেৰমাহে সন্ধানহীন হৈ থকা ঘটনাই সমগ্ৰ জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। বেলশৰ থানাৰ অন্তৰ্গত হিতেশ ভৰালী নামৰ যুৱকজনে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া হিতেশৰ পত্নী আৰু চাৰি বছৰীয়া কন্যাসহ যোৱা ২৪ জুলাইৰ পৰা সন্ধানহীন হৈ আছে। পত্নী-কন্যাসহ শাহুৱেকৰ ঘৰলৈ ওলাই গৈ নিশা কটাই দিন হাজিৰা কৰি লাভ কৰা ৩০০ টকা লৈ গুৱাহাটীলৈ গৈ আজিলৈকে ঘূৰি নাহিল হিতেশসহ তেওঁৰ পৰিয়াল।

দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া হিতেশে জুপুৰি সদৃশ ঘৰটো মেৰামতিৰ উদ্দেশ্যে বন্ধন, উজ্জীৱন আৰু জি ভি এন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লয়। যাৰ ফলত হিতেশে উক্ত সংস্থা কেইটাক প্ৰতি সপ্তাহত এটা বুজন পৰিমাণৰ কিষ্টি দিব লগা হয়। হিতেশে কিছুদিন ধৰি ঋণ পৰিশোধ কৰিলে যদিও প্ৰতিকূল বতৰ আৰু বাৰিষাৰ বাবে তেওঁ ভালকেইদিন দিন হাজিৰাৰ পৰা বঞ্চিত হয়। ইফালে অত্যধিক ঋণৰ বোজা বৃদ্ধি পোৱাত বিত্তীয় প্ৰতিষ্ঠানকেইটাৰ কৰ্মচাৰীয়ে ভয় ভাবুকি দেখুৱাই ঋণ আদায় কৰাৰ চেষ্টা চলায়।

উপায়বিহীন হৈ ঋণৰ বোজা সহিব নোৱাৰি হিতেশে গাঁও এৰি পৰিয়ালসহ সন্ধানহীন হয়। পৰিয়ালৰ লোকে স্থানীয় বেলশৰ আৰক্ষীক হিতেশসহ পৰিয়াল সন্ধানহীন হোৱাৰ এজাহাৰ দাখিল কৰিছিল যদিও আজিলৈ আৰক্ষীয়ে কোনো ব্যৱস্থা লোৱা নাই বুলি অভিযোগ উত্থাপিত হৈছে। হিতেশসহ পৰিয়ালটো এতিয়া মৃত নে জীৱিত তাক লৈ তেওঁ পৰিয়াল আৰু আত্মীয়ৰ মাজত কৌতুহলৰ সৃষ্টি হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।