বিজনীঃ আজিৰে পৰা বিজনী আনন্দ বজাৰৰ পৰা বিজনী অভিমুখে বিজনীৰ বিভিন্ন শিক্ষানুষ্ঠানত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে আনন্দবজাৰৰ পৰা দুখনকৈ বাছ সেৱা দিয়াৰ ব্যৱস্থা কৰে বিজনীৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি দিঠকানন্দ হাজৰিকাই। উল্লেখ্য যে যোৱা ২৬ আগষ্টত ভাৰতৰ ছাত্ৰ ফেডাৰেচন বিজনী আঞ্চলিক কমিটীয়ে এখন স্মাৰক পত্ৰ যোগে সেই অঞ্চলৰ শৈক্ষিক সমস্যাক লৈ চিন্তা কৰি উক্ত ছাত্ৰ-ছাত্ৰীৰ বাবে দুখন বাছ গাড়ীৰ বাবে আবেদন কৰে। যাৰ ফলত আজি ভাৰপ্ৰাপ্ত মহকুমাধিপতিয়ে উপস্থিত থাকি উদ্বোধন কৰে। আজিৰ পৰা দুখন বাছ তাৰ পৰা যাত্ৰা কৰিব বুলি ঘোষণা কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ উজ্বল ভৱিষ্যত কামনা কৰে।
আনহাতে উক্ত অনুষ্ঠানত ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ বঙাইগাঁও চিৰাং জিলা সভাপতি শুভংকৰ ঘোষ উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীৰ নতুন শিক্ষা নীতিৰ ওপৰত আলোচনা কৰিবলৈ গৈ কয় বৰ্তমান যি CBCS পদ্ধতিত কমেও ৭৫ শতাংশৰ যি উপস্থিতিৰ কথা কোৱা হৈছে তাত আনন্দ বজাৰৰ পৰা সৰু গাড়ী বা টেম্পোৰে আহিলে দিনে ৫০ টকাকৈ এজন ছাত্ৰই বহন কৰিব লগা হৈছে আৰু সেয়া প্ৰায় মাহত ১১০০-১২০০ টকালৈ খৰচ হয়। প্ৰতিদিনে বা এই নতুন ব্যৱস্থাৰ ৭৫ শতাংশৰ উপস্থিতি থকাটো এই অঞ্চলৰ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে কঠিন হৈ পৰে৷ সেয়েহে ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ দাবীত এই বাছ যাতায়াতৰ ব্যৱস্থা কৰি দিয়াত নথৈ আনন্দিত হয় আৰু ছাত্ৰ-ছাত্ৰীৰ উজ্বল ভৱিষ্যতৰ দিশে আগুৱাই যাবলৈ অনুৰোধ কৰে।