09/02/2019 - 18:02
in
লাহৰীঘাটঃ মৰিগাঁও জিলাৰ লাহৰীঘাট উন্নয়ন খণ্ডৰ ধূপগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত ছাতিয়ানতলি পানী যোগান আঁচনিখন বিগত ২০০৯ চনত স্থাপিত হৈছিল। আৰম্ভণিতে ৰাজভঁৰালৰ ধন উদৰস্থ কৰিবলৈ মাত্ৰ দুদিন নমুনা হিচাপে ৰাইজক পানী যোগান ধৰিছিল যদিও এই পানী যোগান আঁচনিখনৰ পৰা বিগত ১১ বছৰে এটুপিও বিশুদ্ধ খোৱাপানী নাপালে ৰাইজে। সম্প্ৰতি সাপ, নেউল, কীট-পতংগ আদিৰ বসতিস্থল অৰণ্যত পৰিণত হৈছে এই পানী যোগান আঁচনিখন।
স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে কেইবাবাৰো স্থানীয় লোকে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লোকক জনাইছিল যদিও কোনো সুফল পোৱা নাই। সেয়ে স্থানীয় সচেতন মহলে সংবাদ মাধ্যমৰ যোগেদি পানী যোগান আঁচনিখন সোনকালে কাৰ্যক্ষম কৰিবলৈ পৰিৱৰ্তনকামী চৰকাৰক দাবী জনাইছে।