ধনশিৰি নদীত গাখীৰ পেলাই প্ৰতিবাদ গো পালকৰ

 09/02/2019 - 19:41

গোলাঘাটঃ এইবাৰ গোলাঘাটত গো পালকৰ প্ৰতিবাদ। ধনশিৰি নদীত গাখীৰ পেলাই সাব্যস্ত কৰে প্ৰতিবাদ। গাখীৰ আৰু গাখীৰজাত সামগ্ৰীত উচিত মূল্য নোপোৱাৰ বাবে ক্ষোভেৰে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। উল্লেখ্য যে গো পালকসকলৰ ব্যৱসায়ত খৰচ অনুপাতে মূল্য নোপোৱাত গো পালক সন্থা আৰু হোটেলৰ মালিক পক্ষৰ মাজত এক প্ৰকাৰ সংঘাতৰ সৃষ্টি হৈছে।

শেহতীয়াকৈ গোলাঘাট জিলা গোপালক সন্থা আৰু গোলাঘাটৰ হোটেল মালিক পক্ষৰ মাজত এখন উমৈহতীয়া আলোচনা হোৱাৰ কথা আছিল যদিও সেইয়া হৈ নুঠিল। যাৰ ফলত গো পালক ব্যৱসায়ীসকল চৰম অনিশ্চয়তাত ভুগিছে। ইফালে অনিৰ্দিষ্ট কাললৈ গোলাঘাট জিলাত গাখীৰ বিতৰণৰ পৰা বিৰত থাকিব গো পালক সন্থা। ইফালে ঘটনাৰ সন্দৰ্ভত গোলাঘাট জিলা উপায়ুক্ত স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে গো পালক সন্থাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।