এদিনৰ ভিতৰত ঘৰ খালী কৰিব দিলে ৰূপচী বিমানবন্দৰ কৰ্তিপক্ষই

 09/02/2019 - 19:42

গৌৰীপুৰঃ ধুবুৰী জিলাৰ ৰূপচী বিমানবন্দৰত ৫৬ বছৰ ধৰি বাস কৰি আছিল এটা দুৰ্ভগীয়া পৰিয়াল। পৰিয়ালটোক এদিনৰ ভিতৰত ঘৰ খালী কৰাৰ নিৰ্দেশ দিয়ে ৰূপচী বিমানবন্দৰ কৰ্তিপক্ষই। ১৯৬৬ চনৰ পৰা ৰূপচী বিমানবন্দৰত থকা এই পৰিয়ালটো এতিয়া ক’ত যাব তাক লৈ চিন্তিত হৈ পৰিছে দুৰ্ভগীয়া ইন্দ্ৰজিত কুৰ্মিৰ পৰিয়ালটোয়ে। ইন্দ্ৰজিত কুৰ্মিৰ ২০১৭ চনৰ জানুবাৰী মাহত মৃত্যু হয়। তাৰ পিছৰে পৰা তেওঁৰ ল’ৰা ছোৱালী বাস কৰি আছে ঘৰটোত । হঠাত তেওঁৰ পৰিয়ালক ৰূপচী বিমানবন্দৰ কতিপক্ষই নিৰ্দেশ দিলে এদিনৰ ভিতৰত খালী কৰি দিব লাগে ঘৰ। এতিয়া চৰকাৰে ইন্দ্ৰজিত কৰ্মিৰ পৰিয়ালটোৰ কাৰনে কি ব্যবস্থা কৰে সেয়া হব লক্ষণীয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।