শিৱসাগৰঃ ১৯৪৭ চনতে স্থাপন হোৱা অসমৰ আগশাৰী শিৱসাগৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা আছুৰ দখলত। মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ ১১ টা পদত অনুষ্ঠিত নিৰ্বাচনত ১১ টা পদতেই আছুৰ সমৰ্থিত প্ৰাৰ্থীৰ জয়লাভ। শিৱসাগৰ মহাবিদ্যালয়ৰ সভাপতি পদত প্ৰাণজিত বৰা, উপ-সভাপতিত চিৰঞ্জীৱ বৰা, সহকাৰী সম্পাদকত অংকিতা গগৈ, সমাজ সেৱাত ইমন ফুকন, তৰ্ক আৰু কুইজত প্ৰিয়ংকা পাপৰি হাজৰিকা, সাহিত্য আৰু আলোচনীত চান্দিনী বৰা, কলা আৰু সংগীতত সৌৰভ শেখৰ চাহু, ছাত্ৰ জিৰণি চৰাত সুৰুজ গগৈ, গুৰু ক্ৰীড়া বিভাগত স্বপ্নীল দুৱৰা, বেডমিণ্টনত গৌতম গগৈ, শাৰীৰ চৰ্চাত প্ৰানদীপ দত্ত, ভলীবলত সৌৰভ জ্যোতি কলিতা, ছাত্ৰী জিৰণিত কোঠা জ্যোতিকা য়েইন, শ্ৰেণী প্ৰতিনিধিত কাব্যশ্রী বৰদলৈ বিপুল ভোটত জয়ী হয়।
শিৱসাগৰ মহাবিদ্যালয় চৌহদৰ পৰা শিৱসাগৰ নগৰৰ আছু কাৰ্যালয়লৈকে বৃহৎ ৰেলী উলিয়ায় আছু সমৰ্থিত প্ৰাৰ্থীসকলক লৈ। আছুৰ শিৱসাগৰ জিলাৰ কাৰ্যালয়ত প্ৰাৰ্থীসকলক লৈ আৱতৰীয়া বিহু পাতি পালন কৰে আছু কৰ্মীসকলে। বিজয়ী প্ৰাৰ্থীসকলক গামোচা, মিঠাই খুৱাই অভিনন্দন জনায়। এই অভিনন্দন অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকা, জিলা ছাত্ৰ সন্থাৰ সম্পাদক সমীৰণ ফুকন উপস্থিত থাকে। উল্লেখ্য যে আছুক প্ৰত্যাহ্বান জনোৱা এভিবিপি সমৰ্থিত প্ৰাৰ্থীয়ে এখনো আসন লাভ কৰিব নোৱাৰিলে।